শীৰ্ষৰাষ্ট্ৰীয়

ৰাজ্যসভাত পাছ হ’ল ‘পকসো বিল’

নিউজ ডেস্ক, প্ৰথম খবৰ: শিশুৰ ওপৰত হোৱা যৌন নিৰ্যাতনৰ শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিলে কেন্দ্ৰ চৰকাৰে।ৰাজ্যসভাত পাছ হ’ল ‘পকসো বিল’ আৰু এই বিলৰ মতে শিশুক কোনোধৰণৰ যৌন নিৰ্যাতন চলালে দোষীয়ে নৃন্যতম ২০বছৰ কাৰাদণ্ড, আৰু সৰ্বোচ্চ মৃত্যদণ্ড লাভ কৰিব।কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যান মন্ত্ৰী স্মৃতি ইৰাণীয়ে ৰাজ্যসভাত দাখিল কৰে বিলখন।এই বিলখনে শিশুৰ ভৱিষ্যতৰ সুৰক্ষাৰ ক্ষেত্ৰত এক ইতিবাচক প্ৰভাব পেলাব বুলি ইৰাণীয়ে সংসদত মন্তব্য প্ৰদান কৰে।তৃণমূলৰ সাংসদ ডেৰেক ও’ব্ৰায়েনও শিশু কালত নিজৰ লগত হোৱা যৌন নিৰ্যাতনৰ কথা ব্যক্ত কৰে, তেওঁৰ সাহসী স্পষ্টিকৰণত ইৰাণীয়ে প্ৰসংসা জনাই।এই বিল খনে শিশু সকলৰ লগত হৈ থকা উৎপীড়ন, যৌন নিৰ্যাতন বহু পৰিমানে হ্ৰাস পাব বুলি আশা কৰিছে সমগ্ৰ দেশবাসীয়ে।

Related Articles

Leave a Reply

Close