Uncategorized

4G পুৰণি হ’ল, আহি আছে 5G; কিন্তু…

নিউজ ডেস্ক,প্ৰথম খবৰ: 4Gৰ  পিছত আহি আছে 5G ইণ্টাৰনেট সেৱা। কিন্তু মানুহতকৈ আগতে গৰুৱে ব্যৱহাৰ কৰিব 5G সেৱা। আচৰিত যেন লাগিলেও সেয়াই সঁচা। ইতিমধ্যে এই সম্পৰ্কে আলোচনা হৈছে টেলিকম বিভাগ আৰু পশুপালন বিভাগৰ। গৰুৰ স্বাস্থ্য, খাদ্য, উশাহৰ বুজ ল’বলৈ ব্যৱহৃত হ’ব এই সেৱা। 

পিটবিটচ,ৱেৰেব’ল চেনচৰৰ জৰিয়তে গৰুৰ স্বাস্থ্য সম্পৰ্কে বুজ লোৱা হ’ব। যিহেতু ভাৰতবৰ্ষ বিশ্বৰ ভিতৰতে প্ৰথম স্থানৰ দুগ্ধ উৎপাদনক দেশ, সেই হেতুকে আৰু অধিক হাৰত দুগ্ধ উৎপাদন কৰিবলৈ এই ব্যৱস্থাটো গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এই সেৱাৰ দ্বাৰা গৰুৰ আভ্যন্তৰীণ আৰু বাহ্যিক দুয়োটা দিশত লক্ষ্য কৰা হ’ব। গৰুৰ অংগ সঞ্চালনৰ পৰা খাদ্য, উশাহ, স্বাস্থ্য ইত্যাদিৰ নীৰিক্ষণ কৰা হ’ব। উল্লেখ্যে গৰুৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰৰ ফাইভ-জি ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ভাৰতেই হ’ব প্ৰথমখন দেশ।

ইতিমধ্যে মহাৰাষ্ট্ৰৰ চিটালি ডেইৰীয়ে গৰুৰ সংকেট তথ্য লাভ কৰিবলৈ ৰেডিঅ’ ফ্ৰিকুৱেন্সি সেৱা ব্যৱহাৰ কৰি আহিছে। নৱৰেৱ এটা প্ৰতিষ্ঠানৰ বাবে মাছৰ স্বাস্থ্য সম্পৰ্কে তথ্য আহৰণৰ বাবে চীনৰ হুৱেই নামৰ সংস্থাটোৱেও বিশেষ প্ৰণালীৰ সূচনা কৰিছিল।

Related Articles

Leave a Reply

Close