আন্তঃৰাষ্ট্ৰীয়

চেমিফাইনেলত কোনে মাৰিব শেষ হাঁহি?

নিউজ ডেস্ক প্ৰথম খবৰ:বিশ্বকাপ ক্ৰিকেটৰ প্ৰথম খন চেমিফাইনেল খেলত আজি মুখামুখি হ’ব ভাৰত আৰু নিউজীলেণ্ড।মানচেষ্টাৰৰ অ’ল্ড ট্ৰেফৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেলখন। ভাৰত আৰু নিউজীলেণ্ড প্ৰথমবাৰৰ বাবে চলিত বিশ্বকাপত মুখামুখি হ’ব, কিয়নো বৰষুণৰ বাবে বিঘ্নিত হৈছিল গ্ৰুপ পৰ্যায়ৰ মেচখন। ইয়াৰ বাবে দুয়োটা দলে লাভ কৰে ১–১ পইণ্ট। এতিয়া ছেমি ফাইনেলতো বৰষুণৰ সম্ভাৱনাই দেখা দিছে। খেলৰ দিনা বৰষুণৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে। অৱশ্যে নক–আউট মেচৰ বাবে আই চি চিয়ে ৰাখিছে ৰিজাৰ্ভ ডে’। এনে অৱস্থাত ছেমি ফাইনেল আৰু ফাইনেল মেচৰ দিনা বৰষুণ হ’লে পৰৱৰ্তী দিনটো ৰিজাৰ্ভ হ’ব। চিন্তাৰ কাৰণতো হ’ল, ৰিজাৰ্ভ ডে’ৰ দিনাও মূষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে মানচেষ্টাৰত। ৰিজাৰ্ভ ডে’ৰ দিনাও বৰষুণ হয় তেন্তে কি হ’ব? ভাৰত আৰু নিউজীলেণ্ডৰ মাজত কোনটো দল প্ৰৱেশ কৰিব ফাইনেলত? কিয়নো গ্ৰুপ পৰ্যায়ৰ দৰে ১–১ পইণ্ট দিলে নহ’ব। ফাইনেলৰ বাবে দুয়োটা দলৰ মাজৰ কোনো এটাৰ পক্ষে সিদ্ধান্ত হ’ব লাগিব। এনে অৱস্থাত ভাগ্য আৰু গ্ৰুপ পৰ্যায়ত ভাৰতৰ প্ৰদৰ্শনে সহায় কৰিব পাৰে। যদি বৰষুণৰ বাবে এই খেলখন অনুষ্ঠিত নহয়, তেন্তে ভাৰতে নেখেলাকৈয়ে ফাইনেলত প্ৰৱেশ কৰিব। ইয়াৰ কাৰণ হ’ল গ্ৰুপ মেচৰ পইণ্ট তালিকাৰ উৰ্ধত আছে ভাৰত।

Related Articles

Leave a Reply

Close