Uncategorized

FaceApp ছফটৱেৰৰ হাতত পাঁচ লক্ষ অসমৰ লোকৰ ব্যক্তিগত তথ্য

প্ৰথম খবৰ প্ৰতিবেদন:
বুঢা় বয়সত দেখিবলৈ কেনে লাগিব নিজকে৷ বিপৰীত লিংগৰ হ’লে কেনে লাগিব? এনে জানিবলৈ মন যোৱা কথাকে সাৰোগত কৰি ব্যৱসায় কৰা ফেচএপৰ হাতত এতিয়া আপোনাৰ ব্যক্তিগত তথ্য৷ এই বাতৰি পঢ়াৰ পূৰ্বেই হয়তো ফেচএপ ব্যৱহাৰ কৰি আপোনাৰ ব্যক্তিগত তথ্য জনাই দিলে এই এপৰ গৰাকীক৷ কাৰণ, এই এপ ব্যৱহাৰ কৰাৰ সময়ত ব্যৱহাৰকাৰীৰ সৈতে এগ্ৰিমেণ্ট( User Agreement)ত স্পষ্টকৈ লিখা থাকে
“You grant FaceApp a perpetual, irrevocable, nonexclusive, royalty-free, worldwide, fully-paid, transferable sub-licensable license to use, reproduce, modify, adapt, publish, translate, create derivative works from, distribute, publicly perform and display your User Content and any name, username or likeness provided in connection with your User Content in all media formats and channels now known or later developed, without compensation to you. When you post or otherwise share User Content on or through our Services, you understand that your User Content and any associated information (such as your [username], location or profile photo) will be visible to the public.”
এতিয়া হঠাৎ ফেচবুকত অহা এই এপ প্ৰায় বাৰ কোটি লোকে ব্যৱহাৰ কৰিছে৷ কাজেই 12 কোটি লোকৰ ব্যক্তিগত তথ্য ছবিসহ লাভ কৰিছে এই এপটোৱে৷ গতিকে, এই তথ্য এপটোৱে কিভাৱে ব্যৱহাৰ কৰিব খোজে, তাত আপোনাৰ কোনো নিয়ন্ত্ৰণ নাই৷ আনকি, ফেচবুক- কেম্ব্ৰিজ এনালাইটিক ডাটা কেলেংকাৰীৰ সময়তো এপৰ ব্যৱহাৰৰ জৰিয়তে কিদৰে ব্যৱহাৰকাৰীৰ তথ্য ব্যৱহাৰ হয়, তাক লৈ ব্যাপক চৰ্চা হৈছিল৷ এতিয়া বুঢ়া বয়সত কেনে দেখিব, চাব পৰা ভাইৰেল এপৰ জৰিয়তে কি হ’ব পাৰে তাক লৈ চৰ্চা আৰম্ভ হৈছে৷ আনকি, ৰাজ্যৰ ভয়াৱহ বানৰ সময়ত এই এপৰ ভাইৰেল হোৱা বিষয়টোৱে ৰাজ্যৰ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ কেৱল এই এপেই নহয়, ছ’চিয়েল মিডিয়াত উপলব্ধ বিভিন্ন এপৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে ব্যক্তিগত সকলো তথ্য জানিবলৈ দিয়ে এপৰ গৰাকীক৷ আনকি, ম’বাইল ফোনৰ গেলাৰী, টেলিফোন নম্বৰ তালিকা, ফটো, ভিডিঅ’, মেচেজ সকলো চাব পৰাৰ সুবিধা পায় এপৰ গৰাকীয়ে৷

Related Articles

Leave a Reply

Close