শীৰ্ষৰাষ্ট্ৰীয়

অগ্ৰিম জামিনৰ বাবে ন্যায়ালয়ৰ কাষত চিদাম্বৰম

নিউজ ডেস্ক, প্ৰথম খবৰ– পূৰ্বৰ বিত্তমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা চিদাম্বৰমক গ্ৰেপ্তাৰৰ বাতৰিয়ে এতিয়া দেশৰ ৰাজনীতিত বিশেষ চৰ্চা লাভ কৰিছে। আই এন এক্স মেডিয়া গোচৰ সংক্ৰান্তৰ দিল্লী উচ্চ ন্যায়ালয়ে চিদাম্বৰমক গ্ৰেপ্তাৰৰ নিৰ্দেশ জাৰি কৰে। আজি পুৱা চি বি আইৰ এটা দলে গ্ৰেপ্তাৰৰ বাবে তেওঁৰ বাসগৃহত উপস্থিত হয় যদিও সেই সময়ত বাসগৃহত  উপস্থিত নাছিল জ্যেষ্ঠ কংগ্ৰেছী নেতাজন। ইতিমধ্যে চি বি আইৰ দলে ২ঘণ্টাৰ সমসীমাৰ ভিতৰত আত্মসমৰ্পন কৰিবলৈ নতিচ জাৰি কৰিছে। উপায়ন্তৰ  চিদাম্বৰম এতিয়া অগ্ৰিম জামিনৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। বৰ্তমান নিজৰ অধিবক্তাক লগত লৈ CJI কৰ্টত উপস্থিত হৈছে কংগ্ৰেছ নেতা চিদাম্বৰম।

Related Articles

Leave a Reply

Close