নিবন্ধশীৰ্ষ

অতিপাত গৰমে সলনি কৰিছে মানুহৰ চৰিত্ৰ!

গ্ৰীষ্মৰ প্ৰখৰতাই হয়তো আপোনাকো নাকনি-কাননি খুৱাইছে। পৰিৱেশৰ সন্তুলন নষ্ট হোৱাৰ বাবে পৃথিৱীত ক্ৰমে বাঢ়ি অহা গ্ৰীষ্মৰ প্ৰখৰতাক বহুতেই মানৱসৃষ্ট ভয়ংকৰ ঘটনা বুলি ক’ব বিচাৰে। আমি যদি মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ লক্ষ্য কৰোঁ, তেন্তে দেখিম যে দেশখনত এটা দশকত গ্ৰীষ্মপ্ৰবাহত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় ২.২ হাজাৰ জন। ইয়াৰ বিপৰীতে একে সময়ৰ ভিতৰত প্ৰচণ্ড ঘূৰ্ণীবতাহ আৰু বানপানীত মৃত্যুৰ সংখ্যা হৈছে ক্ৰমে ১৫০ আৰু ৮৮০ জন। এই পৰিসংখ্যালৈ মন কৰিলে দেখা যায় যে, বানপানী আৰু ঘূৰ্ণী বতাহৰ দৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগতকৈও গ্ৰীষ্মপ্ৰবাহে অধিক লোকৰ প্ৰাণ কাঢ়ি নিছে।

গ্ৰীষ্মৰ ক্ৰমবৰ্দ্ধিত উত্তাপে লাহে লাহে মানুহৰ চৰিত্ৰও সলনি কৰি দিব পাৰে নেকি? অবান্তৰ যেন লাগিলেও এয়া বৰ্তমান সময়ৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। ষ্ট্ৰেছ এণ্ড হেল্থ শীৰ্ষক এখন স্বাস্থ্য সম্বন্ধীয় আলোচনীত এই বিষয়ে সবিস্তাৰে প্ৰকাশ পাইছে। প্ৰখ্যাত আলোচনীখনত প্ৰকাশ পোৱা ‘থাৰ্মেল ষ্ট্ৰেছ ইন দ্য ইউ এছ: এফেক্টছ অন ভায়’লেন্স এণ্ড অন এম্পলয়িজ বিহেভিয়াৰ’ শীৰ্ষক লেখাটোত কোৱা হৈছে যে সামগ্ৰিকভাৱে ই মানুহৰ চৰিত্ৰৰ ওপৰতো প্ৰভাৱ পেলাই আহিছে।

অতিপাত গৰমৰ ফলত মানুহৰ শাৰীৰিক সমস্যা হোৱাৰ উপৰি মনস্ত্বাত্ত্বিক দিশতো প্ৰভাৱ পেলায়। সমান্তৰালভাৱে ক্ৰমবৰ্ধিত গৰমৰ ফলত সমানুপাতিকভাৱে বৃদ্ধি হৈ আহিছে বিভিন্ন অপৰাধমূলক কাম-কাজো।

গছ-বন হ্ৰাস পাই অহাৰ বাবে বা প্ৰকৃতিৰ ওপৰত চলোৱা আক্ৰমণৰ বাবেই এই ধৰণৰ প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। বৰ্তমান সময়তো বিভিন্নজনে যদিও পৰিৱেশ সংৰক্ষণৰ কথা কৈ আহিছে, তাৰ পাছতো একাংশ ন্যস্তস্বাৰ্থ জড়িত মহলে বাধাহীনভাৱে চলাই গৈছে প্ৰকৃতিৰ ওপৰত সংহাৰ।

Related Articles

Leave a Reply

Close