গল্পসাহিত্য

অনুৰাধাৰ দৰে

 স্ৰীতি কাশ্যপ

“এই শুনাচোন, অনুৰাধা পঢ়িছা? ”
উমম, কিয়?
“হা হা মইটো জোটাই পঢ়িলো এই অলপতে জানা”
জানে।তাইৰ সৈতে একেখন বেঞ্চত বহি বুৰঞ্জী মনত ৰাখিবলৈ অহা এই ললনা যে মিচনাৰী স্কুলৰ pass out সেই কথা জানে তাই।সন্দিকৈ কলেজত লগ পোৱা দুয়ো দুয়োৰে ইতিহাস লৈছেইটো। তাতনো নতুন কি? নতুন একো নাই, সেই মিচনাৰীৰ ছাত্ৰী অসমীয়া কিতাপ এখন পঢ়ি উচ্ছসিত হোৱাৰ বাহিৰে।”সঁচাই কৈছো, কিয় যে অনুৰাধা নহলো! ” নায়িকা অনুৰাধা অনুৰাগী বাৰুকৈয়ে হৈ পৰি কোৱা কথাৰে কিনু প্ৰকাশ কৰিছে তাই ভালকৈ নুবুজি কৈ উঠিল—
“তাতে কি হ’ল? ”
“নহয় অ’ মোৰ যে তাইৰ দৰে… এই তোমাৰ আছে। “—“? ” “দুডাল বেণী” আচৰিত। সেয়া কি কথা? তথাপি অনুৰাধা নহয়তো তাই। “নহয়, নহয়… মোৰ কথা শুনা, তোমাৰো আছে এখন আঁচলৰ পোচাক.. ” “উমম চাদৰ মেখেলা পিন্ধিলো আজি,হা হা তাৰমানে, অনুৰাধা অসমীয়া নেকি তোমাৰ? ”
“কোৱানা তুমিওটো সেইখন স্কুলৰে আছিলা? ” কোনখন? “হঠাতে প্ৰসংগ সলনি।”সেই যে মই কৈছিলো তোমাক, আমাৰ স্কুল মোৰ প্ৰিয় কাৰণ তাতে মোৰ দাদাও যে আছিল, তেজৰ টান নথকাকে। ” “উম”। তাই পিছফালৰ খিৰিকী খনত কিবা বিচাৰিলে,কিন্ত একো নাই,শূণ্য।সিফালে আকাশ,ওন্দোলিব খোজা নে কান্দোন সামৰি থোৱা চকুৰ নীলা।”মোৰ ফালে চোৱানা, তেওঁৰ প্ৰেমিকা তাৰেই হয়। কিন্তু হা হা.. কি হ’ব ,একোৱেতো নাছিল। তেওঁৰ প্ৰেমৰ ভিক্ষাৰী আছিল স্কুলৰ ধুনীয়া ছোৱালীবোৰ, হা হা, কেনেকৈ জানিলো প্ৰেমিকাৰ কথা?আৰে গোটেই স্কুলৰ চোকে-কোণে ফুটি-ফাটি গৈছিল যে কোনটো ল’ৰা স্কুলৰ পৰা ঘূৰি যাওতে হেৰাই গৈছিল এটা বাছ স্টপেজত, য’ত অনুৰাধাৰ দৰে ছোৱালী ৰৈ থাকে চিটিবাছ ৰ যাত্ৰী হৈ.. ” হাতখন থপিয়াই ধৰাত বেণীদুডালেৰে ধেমালি কৰি থকা হাত থমকিল। কি কথা ক’ব এই ছোৱালী জনীয়ে? ক’ব নেকি “কিয় তুমি অচিনাকি হৈ গ’লা, তেওঁ টো গৈছিল কেৱল..। ” কি জানিছিল,এই ছাত্ৰী য়ে কি জানে আৰু? জানেনে সেই যোৱাৰ পাছত স্খলিত হৈ অৱনত হৈ থাকিছিল তাই! সেইযে অহাৰ পাছত পৰিচয় ক্ষুন্ন হৈছিল? পৰ স্কুলীয়াক নিমন্ত্ৰণ কৰি অনা বেয়া ছোৱালী!
“কি হ’ল, চুবলৈ দিয়ানা, কি জানা দাদাৰ লগত সেই স্টপেজ ত নামি পৰা সতীৰ্থ আৰু স্কুলবাছৰ ড্ৰাইভাৰ দাদাই ও কৈছিল জানা, একেবাৰে অনুৰাধাই বুলি ধৰ, খালী অনুৰাধা যেনিবা বগা নাছিল, এওঁ জানিবা.. এই তুমিওটো বগা, তুমিও একেই স্কুলৰে….
“शिवजी का मन्दिर हेना ये?”… মূৰ দুপিয়াই হয় বুলি কোৱাত অনুৰাধা সোমাই গ’ল… হমম.. সেই কলেজীয়া কথনৰ কিমান দিনৰ পাছত অনুৰাধাৰ প্ৰিয় চহৰ ভুৱনেশ্বৰত তাই অকলে বিচাৰি ফুৰিছে এটা শিৱ মন্দিৰ, অকস্মাতে দি দিয়া কথাৰ মূল্য ৰাখিবলে ,শিৱক অৰ্চনা নকৰাকৈ ব্ৰত যে ভাঙিব নোৱাৰি। এৰা অকস্মাতে দুৰ্ঘটনা হৈ যায়। বুজিব নোৱাৰি।যেনেকৈ হিন্দী নুবুজা মানুহ গৰাকীয়ে তাইৰ ভাষা নজনাকৈ তাইক এমুঠি তুলসী দিলেহি।তাইৰ মনৰ কথা,বুকুৰ শব্দ শুনিছিল নে কি মানুহ গৰাকীয়ে? অংগীকাৰনামা পঢ়িছিল নেকি?জানিছিল নে তাইৰ সংকল্পবদ্ধতাৰ কথা? ” কাইলৈ শিৱৰাত্ৰী”উৰি আহিছিল নেটৰ বতাহত আখৰবোৰ। সিফালে পুৰীৰ সাগৰখন উত্তাল হৈ গৈ আছিল ৰাতিটোৰ বাবে আৰু তাইৰ মন ক্ৰমে সেই বান্ধোনৰ ফালে হাউলি গৈছিল। শব্দ কেৱল শব্দৰ বান্ধোন।পুৱাৰে পৰা সাজু হৈছিল শিৱৰাত্ৰীৰ বাবে।লিংগৰাজ মন্দিৰত শিৱলিঙ্গবোৰ চাই ফুৰিছিল।কিছুমান উৎখাত,কিছুমান ভগ্ন, পুনৰ স্থাপিত সেই লিংগ সোপাতনু কি থাকে? অনুৰাগী আবেদন শুনে নেকি লিংগৰাজে? তাই তেতিয়াও নাজানিয়ে হাবাথুৰি খাইছিল আজিও কথাবোৰ পুনৰ্বাৰ মনত থাপোতেও নাজানে ।নাজানে তাই সঁচাকৈয়ে শাওণ মাহটো কিয় সেই ৰাতিৰ,সেই দিনৰ শব্দবোৰে কঁপাই আছিল তাইক? মাহটো পাৰ হ’লে সকলো ঠিক হ’বনে?সেই মন্দিৰটোলৈ সেই অনুৰাধা আহিছিল নে?সেই যে তাই ব্ৰত ভাঙিবলৈ অৰ্চনা কৰিছিল? পাচিটো ঘূৰাই দিওঁতে মানুহ গৰাকীয়ে সুধিলে, উড়িয়া ভাষাতে, উত্তৰত –আমাৰ বাড়ী গুৱাহাটীতে। মানুহ গৰাকী উৎফুল্লিত হোৱা দেখি ভাবিলে তেওঁ ও ক’ব নেকি ” হে আমি চিনতে পারছি তোমাকে। ” ক’লে উড়িয়া, অসমীয়া ৰ মিল থকা ভাষাৰ কথা। অনুৰাধাই সততে তিতি যোৱা ধৰণৰ এজাক বৰষুণ লৈ আকৌ ভুৱনেশ্বৰৰ অলিয়ে গলিয়ে ঘূৰিব ধৰিলে।
“কোৱানা তুমি সঁচাকৈ একো নাজানিলা? ”
সেই অনুৰাধা সংকোচিত হৈ আঁচলটো সামৰি লৈ ভাবিছিল…. কেনেকৈ কাৰোবাক বিচাৰি গ’লে অস্পৃশ্য হৈ পৰে অনুৰাধা.. অ’নহয় অনুৰাধা নহয়। কি অনুৰাগত কোনো এজনে বেহিচাপীকে অধিকাৰ কৰে আনৰ সন্মানৰ চকী। আৰু কিমান নিৰ্দয় হ’লে সতীৰ্থবোৰ সঁচকিত হৈ বচায় স্কুলৰ মান আৰু অপমান চটিয়াই অনুৰাধা হ’ব নোখোজা কাৰোবাক। অনুৰাধা হোৱাৰ হাবিয়াস নহ’ল..কোৱা নহ’ল পাছৰখিনি..নাই অনুৰাধা সজালেই নহয় কোনো। সেই অহেতুক প্ৰেম ও তো দুনাই শুনিবলৈ নাহিল, বৰষুণত তিতি অপেক্ষা কৰিব পৰা সত্বেও কিয় অচিনাকি সাজি আবদ্ধ হৈছিল কৰ্তব্য ৰ পিঞ্জৰাত, ক্ষোভত হয়তো চিহ্নিত হ’ল –সেই অনুৰাধা, অক্ষমনীয় বুলি। পাহৰি থাকিল, য’ত এৰি গ’লে মানুহ শিল হৈ যায় লজ্জাৰ শেষ আৱৰণহীন হৈ। অনুৰাধা নোহোৱাকৈ ভাবিছিল -ক’ত নোহোৱা হ’লে মানুহে ঘূৰাই পায় দুভৰিৰ স্থিৰতা।
কিয় বাৰু তেতিয়া তেনেকৈ ভাবি নিজকে অফলিয়াইছিল। সেই ভুৱনেশ্বৰত, অনুৰাধাৰ দেশত তাই সেই দিনা কি এক অদ্ভুত অনভৱত মনেৰে সাজি লৈছিল কাৰেংঘৰ , অকলশৰীয়াকৈ, কোৱাতো নহ’ল “মই ব্ৰত ভাঙিলো,কিন্তু ৰাখিলো কেৱল… ” নাই একোৱে নহ’ল। কেৱল শুনিছিল, কিছুমান কথা, একেলগে কৰবাত মানুহে খোজ দি দৌৰিব পৰাৰ, লগ হৈ চাব পৰা তৰাবোৰ, শুনিব পৰা গানবোৰ আৰু কবিতাবোৰ? কবিতাবোৰ সাৰ পাই উঠিছিল নাম নজনা আখৰ আঁকি। আৰু বাংময় তাই অনুভব কৰিছিল তেতিয়া…
এতিয়া যদি অনুৰাধা ঘপহকৈ ওলাই সোধে..” ব’লা যাওঁ অলপ বৰষুণত দৌৰি আহো” সেই যে বৰষুণৰ অবাধ্য জাকবোৰ ? ছাতিটো বন্ধ কৰি বৰষুণ জাকতে গেস্ট হাউস টোৰ ফালে আগুৱাই আহি থাকিছিল।(শ্ৰদ্ধাৰ ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীদেৱলৈ ক্ষমা প্ৰাৰ্থনাৰে, এটা ভুৱনেশ্বৰীয় গধুলিৰ গল্প)

Related Articles

Leave a Reply

Check Also

Close
Close