অসম

অসমৰ বান গৰাখহনীয়া সমস্যা স্থায়ী সমাধানৰ বাবে প্ৰধানমন্ত্ৰীলৈ শ্ৰীমন্তশঙ্কৰদেৱৰ সংঘৰ স্মাৰকপত্ৰ প্ৰেৰণ

প্ৰথম খবৰ, মৰিগাঁও: অসমৰ প্ৰতিখন জিলা সমিতিৰ সমান্তৰালভাৱে শ্ৰীমন্তশঙ্কৰদেৱৰ সংঘৰ মৰিগাঁও জিলা সমিতিয়ে বান গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে গন্য কৰাৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷ উত্তৰপূৰ্বাঞ্চলৰ এটি বৃহৎ জাতীয় তথা ধাৰ্মিক , সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্তশঙ্কৰদেৱৰ সংঘন বিগত সময়টো বিভিন্ন সমস্যাৰ বাবে মাত মাতি আহিছিল যদিও প্ৰথম বাৰৰ বাবে আনুষ্ঠানিক ভাৱে অসমৰ এই মুল সমস্যাটোৰ ওপৰত মুলৰ কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্ত লৈ এনেদৰে মুঠ ৫২ খন জিলা সমিতিয়েও নিজ নিজ জিলাত উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ মৰিগাঁও জিলা সমিতিৰ প্ৰতিনিধি দলৰ সৈতে উপস্থিত থাকে সংঘৰ ৰাজ্যিক প্ৰধান সম্পাদক বাবুল বৰা৷ প্ৰধান সম্পাদক জনে অসমৰ এই সমস্যাৰ কথা কেন্দ্ৰীয় নৰেন্দ্ৰ মোডী চৰকাৰে আন্তৰিকতাৰে লৈ স্থায়ীভাৱে সমাধানৰ ব্যৱস্থা লব বুলি আশা প্ৰকাশ কৰে৷

Related Articles

Leave a Reply

Close