অসম

অসম-মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলঙৰ মক্ৰুত কুণ্ডাসহ মেঘালয়ৰ ট্ৰাক জব্দ

খেৰণি, ১১ আগষ্ট:—অসম-মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলঙৰ মক্ৰুত কুণ্ডাসহ এখন ট্ৰাক জব্দ। চুবুৰিয়া ৰাজ্য মেঘালয়ৰ আগ্ৰাসনৰ সমান্তৰালকৈ অব্যাহত আছে অবৈধ বন ধ্বংস কাৰ্য্য অসম ৰাজ্যৰ পশ্চিম কাৰ্বি আংলঙত। দুই ৰাজ্যৰ মাজত আগ্ৰাসনক লৈ চলি থকা এক সীমা বিবাদৰ সময়তে খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গৰ মক্ৰুত এইবাৰ কুণ্ডাসহ ট্ৰাক জব্দ কৰা কাৰ্য্যই প্ৰমাণ কৰিছে অসমৰ পশ্চিম কাৰ্বি আংলঙত মেঘালয়ে অবৈধভাৱে চলাই থকা বন ধ্বংস আৰু কুণ্ডা সৰবৰাহৰ কথা। উল্লেখযোগ্য যে গোপন সূত্ৰৰ পম খেদি তথা বন ধ্বংস-কুণ্ডা সৰবৰাহৰ খৱৰ লাভ কৰি খেৰণি বন কৰ্মী আৰু আৰক্ষীয়ে অসম-মেঘালয় সীমান্তৰ কাৰ্বি আংলঙৰ বৃহত্তৰ মক্ৰু অঞ্চলত চলাইছিল এক যুটীয়া অভিযান। উক্ত অভিযানত কাৰ্বি আংলঙৰ পৰা মেঘালয় লৈ অবৈধভাৱে কুণ্ডা সৰবৰাহ কৰি থকা অৱস্থাত মক্ৰু নামৰ ঠাইত এখন মেঘালয় পঞ্জীয়নভুক্ত এম এল-০৫ চি-৩৩৫৮ নম্বৰৰ শক্তিমান ট্ৰাক জব্দ কৰে অভিযানকাৰীয়ে। অৱশ্যে দলটোয়ে ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় যদিও কুণ্ডা চোৰ আৰু ট্ৰাক চালকক কৰায়ত্ব কৰাত বিফল হয়। গুৰুত্বপূৰ্ণ যে দীৰ্ঘদিনৰ পৰা আজোকোপতি এনেদৰেই অব্যাহত আছে অসম ৰাজ্যৰ পশ্চিম কাৰ্বি আংলঙত মেঘালয়ৰ আগ্ৰাসনৰ সমান্তৰালকৈ বন ধ্বংস আৰু কুণ্ডা সৰবৰাহৰ অবৈধ কাৰ্য্য। আনহাতে একেদৰে খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গৰ হাৱাইপুৰতো ডিমা হাছাওৰ পৰা লংকালৈ বুলি কাঠ সৰবৰাহ কৰি থকা অৱস্থাত এ এছ-০১ এল চি-১৫৮৫ নম্বৰৰ এখন তাৰৱ’ (turbo) মিনি ট্ৰাক কাঠসহ জব্দ কৰে খেৰণি বন বিভাগে।

Related Articles

Leave a Reply

Close