অসম

আমিনগাঁৱত দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস উলহ মালহেৰে উদযাপন

প্ৰথম খবৰ, পঙ্কজ নাথ, চাংসাৰি:কামৰূপ জিলা সদৰ আমিনগাঁৱৰ নুমলী জলাহ পেৰেড গ্ৰাউণ্ডত আজি দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস উলহ মালহেৰে পালন কৰা হয়। জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই পতাকা উত্তোলনৰে আজি বৰ্ণাঢ্য কাৰ্যসূচীৰ উন্মোচন কৰে। ইয়াৰ পিছত তেওঁ বক্তব্য ৰাখি বিগত বৰ্ষত কামৰূপ জিলা প্ৰশাসনে জিলাখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে লোৱা বিভিন্ন আঁচনিসমূহৰ ওপৰত চমু আলোকপাত কৰে। স্বাধীনতা দিৱস উদযাপন সমাৰোহত আৰক্ষী, অৰ্ধসামৰিক বাহিনী, এনচিচি আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কুচকাৱাজ প্ৰদৰ্শন কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়।

সমাৰোহত জিলাখনৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু বহু সংখ্যক ৰাইজ উপস্থিত থাকে। আজি কামৰূপ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত জিলা পৰিবহণ বিষয়া গৌতম দাসে পুৱা ৮ বজাত পতাকা উত্তোলন কৰে। ইয়াৰ লগতে স্বাধীনতা দিৱস উপলক্ষে আমিনগাওঁস্হিত পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পৰা এক পথ পৰিবহণ সজাগতা সমদল উলিওৱা হয় । আজি চাংসাৰি, উত্তৰ গুৱাহাটী আদিৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়, আৰক্ষী থানা আৰু চকী, ধৰ্মীয় অনুষ্ঠানতো ৭৩ সংখ্যক স্বাধীনতা দিৱস উলহ মালহেৰে পালন কৰা হয়। আজি পালিত হোৱা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত জনসাধাৰণে উৎসাহেৰে ভাগ লোৱাত সকলোতে এক উৎসৱমুখৰ পৰিবেশ বিৰাজ কৰা পৰিলক্ষিত হয়।

Related Articles

Leave a Reply

Close