অসমশীৰ্ষ

উত্তৰ পূৰ্বাঞ্চলত মহিলা সবলীকৰণৰ প্ৰয়াস জাৰ্মান সংস্থাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: ‘হাৰ এণ্ড নাও’ নামেৰে ‘মহিলা উদ্যোগীৰ অৰ্থনৈতিক সবলীকৰণ আৰু মহিলাৰ ষ্টাৰ্ট আপ’ আঁচনি ৰূপায়ণ কৰিবলৈ আগবাঢ়িছে GIZ  নামৰ প্ৰতিষ্ঠানটো। জাৰ্মান ফেডাৰেল মিনিষ্ট্ৰী ফৰ ইক’নমিক কোঅপাৰেচন এণ্ড ডেভেলপমেণ্টৰ উদ্যোগত ভাৰতৰ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰণালয়ৰ সহযোগত এই আঁচনি লোৱা হৈছে। এই আঁচনিৰ উদ্দেশ্য হৈছে ভাৰতৰ সম্ভাৱনাময় তথা বৰ্তমানৰ মহিলা উদ্যমীসকলক আগুৱাই নিয়া। সম্প্ৰতি এই আঁচনিৰ অধিনত ৰাজস্থান, তেলেংগানা আৰু উত্তৰ পূৰ্বাঞ্চলৰ মহিলা উদ্যমীসকলৰ হকে কাম কৰি আছে। GIZৰ সৈতে উত্তৰ পূৰ্বাঞ্চলৰ আঁচনি ৰূপায়ণ এজেন্সি হিচাপে চুক্তিবদ্ধ হৈছে ধৃতি-দ্য কাৰেজ উইডইন।
‘হাৰ এণ্ড নাও’এ মহিলা উদ্যমীসকলক সহায় কৰাৰ বাবে ৭-মাহৰ ইনকিউবেচন আৰু ৬ মাহৰ এচ্চিলাৰেচন কাৰ্যসূচী প্ৰদান কৰে। এই কাৰ্যসূচীয়ে ক্ষমতা বৃদ্ধি অধিবেশন, অংশগ্ৰহণ কৰা মহিলা উদ্যমীসকলৰ পোনপটীয়া নীৰিক্ষণ আৰু অনুকূলিত সমর্থন কৰা হ’ব যাতে ব্যৱসায়িক মাইলৰ খুঁটি নিৰূপণত সফলতা লাভ কৰিব পাৰে বা তেওঁলোকৰ নিজৰ সম্ভাৱনাখিনি চিনাক্তকৰণ কৰিব পাৰে।

এলানি নিৰ্বাচন সাক্ষাৎকাৰৰ পাছত, অক্টোবৰৰ আগভাগত আবাসিক কিকঅফ কেম্পেৰে প্ৰথমটো দলৰ আৰম্ভণি কৰিব পৰা যাব বুলি আশা কৰা হৈছে। অহা প্ৰায় দুটা বছৰৰ ভিতৰত ধৃতিয়ে অঞ্চলটোৰ ১৩০টা মহিলা-নেতৃত্বাধীন ষ্টাৰ্ট-আপক ইনকিউবেচন সমৰ্থন আৰু ৪০টা মহিলা-নেতৃত্বাধীন উদ্যোগক এচ্চিলাৰেচন সমৰ্থন প্ৰদান কৰিব।
উত্তৰ পূবত কাম কৰি থকা সকলো মহিলা উদ্যমীৰ বাবে এই আঁচনি হাতত লোৱা হৈছে । যিসকলে তেওঁলোকৰ উদ্যোগ স্থাপন কৰিবলৈ আগবাঢ়িছে বা উদ্যোগ চলাই আছে আৰু আগবাঢ়ি যোৱাৰ পণ লৈছে সেই সকলোকে এই আঁচনিত সামৰি লোৱা হ’ব। চাৰিটা নোডেল কেন্দ্ৰৰ দ্বাৰা আগবঢ়োৱা হ’ব এই আঁচনি। কেন্দ্ৰ কেইটা – আগতৰলা, ইম্ফল, যোৰহাট আৰু শ্বিলং।
এই আঁচনিৰ অংশ হ’বলৈ আগ্ৰহী উদ্যমীসকলে www.dhriiti.com লগ অন কৰিব পাৰে আৰু তাত আবেদনো কৰিব পাৰে।

‘আমি জানোঁ যে উত্তৰ পূব হৈছে পৰম্পৰাগতভাৱে এক শক্তিশালী মহিলা সবলীকৰণৰ অঞ্চল। ইয়াত মহিলাসকলে বহুতো পৰম্পৰাগত ব্যৱসায় চলাই আহিছে । অৱশ্যে, ইয়াত এনে এক পৰিৱেশ গঢ় দিয়াৰ প্ৰয়োজন আছে, যাতে তেওঁলোকে কেৱল ব্যৱসায় চলাই নাযায়, বৰং প্ৰস্ফুটিত হৈ উঠিব পাৰে। আমাৰ “হাৰ এণ্ড নাও” আঁচনিৰ জড়িয়তে মহিলা উদ্যোগীসকললৈ সমৰ্থন আগবঢ়াম । উত্তৰ পূৰ্বাঞ্চলত মহিলা উদ্যোগীৰ যথেষ্ট সম্ভাৱনা আছে, আৰু আমাৰ অংশীদাৰী ধৃতিৰ সৈতে আগবাঢ়ি আহিছোঁ তেওঁলোকৰ মাজত কাৰিকৰী সহযোগীতা আগবঢ়াবলৈ আৰু এক অনুকূল পৰিৱেশ গঢ়ি তুলিবলৈ।’-জুলিয়া কাৰ্ষ্ট, GIZ

‘বিগত ১৫ বছৰ ধৰি ধৃতিয়ে উত্তৰ পূৰ্বাঞ্চলত কাম কৰি আহিছে। এটা কথাই আমাৰ মনত ৰেখাপাত কৰিছে যে অৰ্থনৈতিক কাৰ্যসূচীত মহিলাসকলৰ সক্ৰিয় অংশগ্ৰহণ। কিন্তু, এই মহিলাসকল তেওঁলোকে কাম কৰা অঞ্চলত ঘৰতে লুকাই থাকে। আমি চেষ্টা কৰিম তেওঁলোকক বিচাৰি উলিয়াবলৈ,লগতে তেওঁলোকক নিজকে চিনাক্ত কৰিবলৈ আৰু বিকশিত তথা সমৃদ্ধ হ’বলৈ তেওঁলোকৰ ক্ষমতা বিকশিত কৰিবলৈ। হাৰ এণ্ড নাও হৈছে এনে এক আঁচনি যাৰ দ্বাৰা অঞ্চলটোৰ মহিলা উদ্যমীসকলৰ মাজত এক অনুকূল পৰিৱেশতন্ত্ৰ সৃষ্টি কৰাৰ প্ৰয়াস কৰা হৈছে।’ -নিধি গুপ্ত, ধৃতি

Related Articles

Leave a Reply

Close