শীৰ্ষৰাষ্ট্ৰীয়

এই দিনটোৰ বাবেই অপেক্ষা কৰিছিলো! সুষমা স্বৰাজ আৰু নাই

মোদীক ধন্যবাদ জনাই অন্তিম টুইট প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজ আৰু নাই। মঙলবাৰে নিশা নতুন দিল্লীৰ এইমছত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে।

৭ বছৰীয়া বৰ্ণময় পৰিক্ৰমা সামৰা সুষমা স্বৰাজৰ মৃত্যুত ভাৰতীয় জনতা পাৰ্টীৰ সমান্তৰালভাৱে তেওঁৰ অনুৰাগীসকলৰ মাজত গভীৰ শোকৰ ছাঁ পৰিছে। মৃত্যুৰ কেইঘণ্টামান পূৰ্বে জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ প্ৰত্যাহাৰ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰি অন্তিমটো টুইট কৰিছিল সুষমা স্বৰাজে। সদ্যপ্ৰয়াত সুষমা স্বৰাজে টুইটটোত উল্লেখ কৰিছিল যে, এই দিনটো চাবলৈয়ে তেওঁ অপেক্ষা কৰিছিল।

২০১৪ চনৰ পৰা ২০১৯ চনলৈ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ দায়িত্ব কান্ধ পাতি লৈছিল তেওঁ। বাজপেয়ী চৰকাৰৰ দিনত তথ্য-সম্প্ৰচাৰ মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰা স্বৰাজে ১৯৭৭ চনৰ পৰা ১৯৮০ চনলৈও কেন্দ্ৰীয় মন্ত্ৰীৰূপে দায়িত্ব নিৰ্বাহ কৰিছিল।

সুষমা স্বৰাজৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও টুইট কৰে। 

ৰাহুল গান্ধীয়েও সুষমা স্বৰাজৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰে।

https://twitter.com/RahulGandhi/status/1158805433294868481

Related Articles

Leave a Reply

Close