অসম

এজাক শিশুৰ কলকলনিত মুখৰিত উত্তৰ জাজৰি,উদয়ন সংঘৰ উদ্যোগত শিশু সমাৰোহ সম্পন্ন

প্ৰথম খৱৰ,জাজৰি: নগাঁও জিলাৰ অন্যতম অগ্ৰণী সামাজিক অনুষ্ঠান উদয়ন যুৱক সংঘৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এইবৰ্ষতো ৭৩ সংখ্যক স্বাধীনতা দিৱস আৰু মইনা পাৰিজাতৰ ২০ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে দিনজোৰা কাৰ্য্যসূচীৰে উত্তৰ জাজৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গনত শিশু সমাৰোহখনি অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা এক বৰ্ণাঢ্য শোভাযাত্ৰাৰে ৰঙীণ হৈ পৰে উত্তৰ জাজৰি অঞ্চল । তিনি কুৰিৰো অধিক শিশুৱে ভাগ লোৱা সমাৰোহখনিত শিশুসকলে বিভিন্ন গীত, কবিতা, নৃত্যৰে অনুষ্ঠানটি জীপাল কৰি তোলে।উল্লেখ্য যে, শিশুসকলৰ মানসিক, বৌদ্ধিক দিশৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা শিশু সমাৰোহত বিয়লি বটদ্ৰৱা সমষ্টিৰ বিধায়িকা অাঙুৰলতা ডেকা উপস্থিত থাকি শিশুসকলক উৎসাহ – উদ্দীপনা অাৰু জীৱন বাটত অাগৱাঢ়ি যোৱাৰ প্ৰেৰণা যোগায়। শতাধিক ৰাইজ উপস্থিত থকা অাৰু তিনি কুৰিৰো অধিক শিশুৱে অংশ লোৱা শিশু সমাৰোহত উপস্থিত থাকি ১০ নং হাতীচোং জিলা পৰিষদৰ সদস্যা সীমাৰেখা ভড়ালীয়েও শিশু সকলৰ লগত গীত -মাত অনুষ্ঠান পৰিৱেশন কৰে। নিশালৈ শিশু সকলৰ দ্বাৰাই অভিনীত ৫ খন নাটকৰে অনুষ্ঠানৰ সফল সামৰণি পৰে।

Related Articles

Leave a Reply

Close