অসম

ওদালগুৰিত চলি আছে ভুৱা নাৰ্চিং শিক্ষা প্ৰতিষ্ঠান!

অসম নাৰ্চিং কাউঞ্চিলৰ প্ৰতিৱেদনত ভয়ংকৰ তথ্য

গুনজিৎ দাস, ওদালগুৰি ১ আগষ্ট : অসমৰ বিভিন্ন জিলাৰ লগতে ওদালগুৰি জিলাতো নিৰ্বিবাদে চলিআছে ভুৱা নাৰ্চিং প্ৰশিক্ষন কেন্দ্ৰ। এই তথ্য প্ৰকাশ পাইছে ৰাজ্যত অবৈধভাৱে চলি থকা ৫০ খনকৈ ভুৱা নাৰ্চিং শিক্ষা প্ৰতিষ্ঠান সন্দৰ্ভত বুধবাৰে অসমৰ এটি ব্যক্তিগত সংবাদ মাধ্যমত সম্প্ৰচাৰিত হোৱা বাতৰিত।উক্ত ৫০ খন ভুৱা নাৰ্চিং শিক্ষা প্ৰতিষ্ঠানৰ ভিতৰত নাম উচ্চাৰিত হৈছে ওদালগুৰি সদৰৰ মাজমজিয়াত থকা নিৱেদিতা সেৱাপীঠ নামৰ ব্যক্তিগত নাৰ্চিং শিক্ষা প্ৰতিষ্ঠানখনৰ। ইয়াৰ পাছতে আজি ওদালগুৰি চহৰত এই সন্দৰ্ভত স্ৰিষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । প্ৰাপ্ত বাতৰিৰ লগতে এই প্ৰতিবেদকৰ হাতত পৰা তথ্য মতে ২০১৭ চনৰ ২৮ ফেব্ৰুৱাৰীত অসম নাৰ্চিং কাউঞ্চলে ৰাজ্যত চলি থকা নাৰ্চিং প্ৰতিষ্ঠানসমূহ তদন্ত কৰি ৫০ খনকৈ ভুৱা নাৰ্চিং শিক্ষা প্ৰতিষ্ঠানৰ এখন প্ৰতিবেদন প্ৰস্তুত কৰি ৰাজ্যৰ স্বাস্থ্য বিভাগৰ সঞ্চালকক দাখিল কৰিছিল। এই তালিকাখনৰ মাজত দেখা গৈছে ওদালগুৰিৰ নিৱেদিতা সেৱাপীঠ নাৰ্চিং শিক্ষা প্ৰতিষ্ঠানটোৰ নাম। এই সন্দৰ্ভত অসম নাৰ্চিং কাউঞ্চিলৰ পঞ্জীয়কে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয় যে যেতিয়াই এইসমূহ প্ৰতিষ্ঠান পৰিদৰ্শনৰ বাবে কাউঞ্চিলৰ বিষয়াসকল যায়, ঠিক তেতিয়াই প্ৰতিষ্ঠানৰ লোকসকলে প্ৰতিষ্ঠানখনত তলা বন্ধ কৰি অন্তৰ্ধ্যান হয়। উক্ত প্ৰতিষ্ঠানত নাৰ্চিং শিক্ষাগ্ৰহত কৰি ছাত্ৰীসকলে কোনো ক্ষেত্ৰতে অসম নাৰ্চিং কাউঞ্চিলত নিজৰ নাম পঞ্জীয়ণৰ লগতে চৰকাৰী চিকিৎসালয়ত কাম কৰিব নোৱাৰে বুলিও পঞ্জীয়কগৰাকীয়ে উল্লেখ কৰে। এই সন্দৰ্ভত ওদালগুৰিৰ নিৱেদিতা সেৱাপীঠ নামৰ ব্যক্তিগত নাৰ্চিং শিক্ষা প্ৰতিষ্ঠানখনৰ সৈতে ফোনযোগে যোগাযোগ কৰাত তেওঁলোকে এই সন্দৰ্ভত কোনো ধৰণৰ জাননী লাভ নকৰাৰ কথা জানিবলৈ দিয়ে। লগতে কয় যে উক্ত প্ৰতিষ্ঠানখনত বৰ্তমানেও এ‌এন‌এমৰ পাঠ্যক্ৰম চলি থকাৰ লগতে ইতিমধ্যে প্ৰায় এহেজাৰ শিক্ষাৰ্থীয়ে উক্ত প্ৰতিষ্ঠানত নিজৰ শিক্ষা সমাপ্ত কৰিছে। যদি উক্ত প্ৰতিষ্ঠানখন সচাঁকৈয়ে অসম নাৰ্চিং কাউঞ্চিলৰ দ্বাৰা স্বীকৃত নহয় তেন্তে ২০১৭ চনতে প্ৰতিৱেদন দাখিলৰ পাছতো আজিলৈ কেনেদৰে চলি থাকিল সেৱা এক ডাঙৰ প্ৰশ্ন। প্ৰতিষ্ঠানখনত শিক্ষা গ্ৰহণ কৰা শ শ ছাত্ৰীৰ জীৱনলৈ সচাঁকৈয়ে অন্ধকাৰ নামি আহিছে নেকি? কিয় ৰাজ্য তথা জিলা স্বাস্থ্য বিভাগে বিষয়টোত গুৰুত্ব প্ৰদান কৰা নাই সেয়া উপযুক্ত তদন্তৰ পাছতহে পোহৰলৈ আহিব। এই ৫০ খন ভুৱা নাৰ্চিং প্ৰশিক্ষন কেন্দ্ৰৰ পৰা উৰ্তীৰ্নৰ প্ৰমান পত্ৰ লৈ অসমৰ চৰকাৰী তথা ব্যক্তিগত চিকিৎসালয় সমুহত নাৰ্চ হিচাপে কাম কৰি আছে নেকি এই ক্ষেত্ৰতো মেডিকেল কাউন্সিলৰ তৰফৰ পৰা তদন্ত কৰাৰ প্ৰয়োজন আহিপৰিছে।

Related Articles

Leave a Reply

Close