অসমশীৰ্ষ

কংগ্ৰেছৰ দিনত দুৰ্নীতি, বিজেপিয়ে নিৰ্মাণ নকৰিলে পথ, ৰাজপথত জনতা

প্ৰথম খবৰ,প্ৰাঞ্জল শৰ্মা, নলবাৰী ,১২ আগষ্ট – নলবাৰী জিলাৰ পূৱ নলবাৰী উন্নয়ন খণ্ডৰ চাৰি নম্বৰ গাঁও পঞ্চায়ত এলেকাৰ জাপাৰকুছি বোমাফুটা চকৰ পৰা পাঠক চুবুৰী হৈ বৰনামঘৰ সংলগ্ন পথটোৰ পাঠক চুবুৰীৰ পথটোৰ দুৰৱস্থাৰ বাবে দীৰ্ঘদিন ধৰি যাতায়াতত ভীষণ সমস্যাত পৰি আহিছে যদিও বিগত কংগ্ৰেছ – বিজেপি চৰকাৰৰ পঞ্চায়তে পুনৰ নিৰ্মাণ নকৰাত ৰাইজে চৰম যাতনা ভুগি থাকিব লগাৰ অভিযোগ উঠিছে। আজি উল্লিখিত পথটোৰ পাঠক চুবুৰীৰ পুৰুষ -মহিলা,যুৱক সকলে মেৰামতি কৰি ক্ষোভ প্ৰকাশেৰে প্ৰতিবাদ কৰে। অভিযোগ অনুসৰি পূৰ্বৰ কংগ্ৰেছী তথা বৰ্তমানে ব্যাপক দূৰ্নীতি -অনিয়ম, লুণ্ঠনৰ বাবেই বিজেপিত যোগদান কৰাৰ পিছতো বহিস্কাৰ হোৱা নলবাৰী জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী বিতুমণি দেৱীয়ে তেওঁৰ কাৰ্যকালত পথটো নিৰ্মাণৰ কাম হাতত লৈছিল। কিন্তু প্ৰাক্তন জিলা পৰিষদৰ সভানেত্ৰী তথা স্থানীয় জিলা পৰিষদৰ প্ৰাক্তন সদস্য বিতুমণিয়ে শিলগুটি কিছু চটিয়াই আবণ্টিত ধন এচাম কংগ্ৰেছীৰ সৈতে লুন্ঠন কৰাৰ অভিযোগ তোলে পথটোৰ এলেকাধীন সচেতন ৰাইজে। তেনেদৰে বৰ্তমানৰ চাৰি নম্বৰ খাটা গাঁও পঞ্চায়তে পথটোৰ কাম পুনৰ আৰম্ভ কৰিছিল যদিও পথটোৰ এশ মিটাৰ মান পেভাৰ ব্লক ইটা পাৰিয়ে দ্বায়িত্ব সমৰাৰ অভিযোগ উঠিছে। উল্লেখ্য যে পঞ্চায়ত খনৰ বৰ্তমানৰ সভাপতি তপন শৰ্মা আৰু আঞ্চলিক সদস্য তথা পূৱ নলবাৰী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী কল্পনা বৰ্মন। অৱশেষত আজি পাঠক চুবুৰী বাসীয়ে পথটোৰ বাকী থকা প্ৰায় দুশ মিটাৰ পথ বাওঁপন্থী নেতা সত্যজিৎ তালুকদাৰ, যুৱ ছাত্ৰ পৰিষদৰ নেতা কৌশিক বৰ্মন, সচেতন যুৱক অজিত বৰ্মন, দীপক পাঠক,গিৰিণ বৰ্মনৰ নেতৃত্বত অঞ্চলটোৰ ৰাইজে হাতে হাতে কোৰ -কডাল লৈ শ্ৰমদানেৰে মেৰামতি কৰি প্ৰতিবাদ কৰে। অঞ্চলটোৰ ৰাইজে বিধ্বস্ত পথটো মেৰামতি কৰাৰ বাবে স্থানীয় বিধায়ক অশোক শৰ্মা,জিলা পৰিষদৰ সভাপতি তথা স্থানীয় জিলা পৰিষদৰ সদস্য নিতুল ডেকা, পঞ্চায়ত কৰ্তৃপক্ষ তথা পূৱ নলবাৰী ব্লকক শীঘ্ৰে নিৰ্মাণৰ দিহা কৰাৰ সজোৰে দাবী উথাপন কৰিছে।

Related Articles

Leave a Reply

Close