অসম

কলাই গাৱঁত বিশেষ কবি সন্মিলন

প্ৰথম খবৰ,ভুবন বনিয়া,কলাইগাওঁ: শ্ৰীশ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ উদ্যোগত অহা কালি কলাইগাওঁ মহাবিদ্যালয় প্ৰাঙ্গণত এখনি কবি সনমিলনৰ আয়োজন কৰিছে ।কাৰ্য সুচী অনুসৰি ৰাতিপুৱা ৮:৩০ বজাত পতাকা উত্ত্বোলনৰে কাৰ্য সুচী আৰম্ভ হব ।ইয়াৰ পিছতেই গছ পুলি ৰোপন স্মৃতিতৰ্পন ৰ পিছতে ১০ বজাৰ পৰা আৰম্ভ হব লগা কবিতাৰ অনুষ্ঠান উদ্ধোধন কৰিব সাহিত্য একাডেমী যুৱ বটাঁ প্ৰাপক কবি কমল কুমাৰ তাতীঁয়ে ।অনুষ্ঠানত দৰং আৰু ওদাল গুৰিৰ শতাধিক ন পুৰণি কবিয়ে অংশ লব বুলি উদ্যোগতা সকলে জনাইছে।

Related Articles

Leave a Reply

Close