অসম

কাকপথাৰত জাতীয় সংগঠনৰ ৰাস্তাত গুণ্ডাগিৰী ! নাকী লগাব কোনে?

প্ৰথম খৱৰ ,কাকপথাৰ ,১১আগষ্ট:তিনিচুকীয়া জিলা ডুমডুমা বন সংমণ্ডলৰ অধীনস্থ ডিৰাক, কাকপথাৰ ধলাৰ আদিত নিশা হলেই যেন একাংশ জাতীয় সংগঠনৰ নেতা পালি নেতাই সহজলভ্য ভাবে টকা ঘটাৰ বাবে নিশাৰ ৰাজপথত গুণ্ডাগিৰী চলোৱাৰ অভিযোগ উত্থাপন হৈছে। প্ৰাপ্ততথ্য অনুসৰি যোৱা কেইদিন মানৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ পৰা ডিৰাক গেট হৈ তিনিচুকীয়ালৈ চোৰাং ভাবে কঢ়িয়াই অনা কাঠ,কাঠা,গৰু,কয়লা,কলা কচু আদি বন্ধ কৰিবৰ বাবে মহাদেপুৰ আৰক্ষী চকীত হেঁচা প্ৰয়োগ কৰিছিল। উক্ত চোৰাং বেহাৰ বন্ধৰ সময়ছোৱাত এটা কৃষক সংগঠনৰ নেতৃত্বত এজন চোৰাং কাঠ ব্যৱসায় জনৈক সোণোৱালৰ পৰা 2 লাখ টকাৰ বিনিময়ত ৮ খন কাঠৰ গাড়ী ডিৰাক কাকপথাৰ হৈ ডুমডুমাত থৈ অহাৰ দায়িত্ব লয়। এতিয়া প্ৰশ্ন হৈছে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত এটা বিয়াগোম বন বিভাগ ছাত্ৰ সংগঠন বন ধ্বংস ওপৰত কোনো ব্যৱস্থা হাতত নোলোৱাতো এক নুবুজা সাথৰ ৷সমান্তৰাল ভাৱে অসমৰ একাংশ জাতীয় জনগোষ্টীয়, কৃষক সংগঠনে অৰুণাচল প্ৰদেশৰ বন ধ্বংস ওপৰত মাত মতা যুক্তি কত? যি সময়ত অসমত বানপানীত পৰি কৃষকৰ খেতি পথাৰ নষ্ট হৈছে, পথাৰত পোকে ধৰিছে সেই সময়ত কৃষকৰ কাষত থকাৰ পৰিবৰ্তে ৰাজপথত সহজ ভাবে ধন ঘটা বিষয়টোৱে বিশেষ ভাবে তাৎপৰ্য বহন কৰিছে। উক্ত সংগঠনটোৰ কেইজন মান সদস্যই মুখা পিন্ধা তথাকথিত সাংবাদিকৰ নাম লৈ আৰক্ষী বন বিভাগক ভাবুকি প্ৰদান কৰাও তথ্য পোৱা গৈছে । উল্লেখ যোগ্য যে যোৱা কেইবছৰমান পূৰ্বে ডিৰাক চাৰিআলিত একাংশ ছাত্ৰ সংগঠনৰ নেতাই চোৰাং ভাবে কঢ়িয়াই অনা এখন ইলাচী গাড়ীত ডকাইতি কাণ্ড সংঘটিত কৰিছিল । পৰৱৰ্তী সময়ত ডকাইতি কাণ্ডটোৰ ওপৰত কাকপথাৰ আৰক্ষী থানাত এক গোচৰ পঞ্জীয়ন হৈছিল আৰু অপৰাধী সকল এতিয়াও মুকলি আকাশৰ তলত ৷ অভিযোগ অনুসৰি নিশা চোৰাং ব্যৱসায়ৰ পৰা টকা সংগ্ৰহৰ বাবে ৰৈ থকা একাংশ তথাকথিত সংগঠনৰ নেতা সেই গোচৰত অভিযুক্ত। স্থানীয় সচেতন ৰাইজৰ দাবী সময় থাকোতে জিলা প্ৰশাসনে বিষয়টো ওপৰত যাৱতীয় ব্যৱস্থা হাতত লওক। অন্যথা ২০১৪ চনতকৈও ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা নুই কৰিব কৰিব নোৱাৰি ।

Related Articles

Leave a Reply

Close