অসমশীৰ্ষ

কাজিৰঙাত যুৱছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

প্ৰথম খবৰ, ৰাজেশ বেলোৱাৰ,কাজিৰঙা:কাজিৰঙাৰ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়ক পূৰ্ণাংগ ৰূপ দিয়াৰ দাবীত দ্বিতীয় কাজিৰঙাত যুৱছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট ৷স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
আদৰ্শ চিকিৎসালয় খন উদ্ধোধন কৰা প্ৰায় এটা বছৰ অতিক্ৰম কৰাৰ পাছতো চিকিৎসা ব্যৱস্থা সন্পূৰ্ণ নোহোৱাত স্বাস্থ্য মন্ত্ৰীৰ বিৰোদ্ধে সৰৱ হৈ উঠিছে অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদ ৷সোমবাৰে পৰিষদৰ বোকাখাত জিলা সমিতিয়ে চিকিৎসালয় খনৰ সন্মুখত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰ হন কৰি স্বাস্থ্য মন্ত্ৰীক অতি সোনকালে চিকিৎসালয় খনৰ চিকিৎসা ব্যৱস্থা সন্পূৰ্ণ কৰাৰ দাবী জনাই ৷যুৱছাত্ৰ পৰিষদে লগতে সকিয়াই দিয়ে যে ছমাহৰ ভিতৰত এই কাম সন্পূৰ্ণ নহ’লে ইয়াতকৈয়ো জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহন কৰিবলৈ বাধ্য হ’ব ৷

Related Articles

Leave a Reply

Close