অসমনলবাৰী

গঞাৰ আঁচনিৰ ধন লুন্ঠন কৰাৰ অভিযোগ, নলবাৰী জিলা পৰিষদত মুখ্য কাৰ্যবাহী বিষয়াৰ ছত্ৰছায়াত বৃহৎ কেলেংকাৰী

প্ৰথম খবৰ ,নলবাৰী:নলবাৰী জিলা পৰিষদত ২০০৬ -২০০৭ বিত্তীয় বৰ্ষৰ পৰা বৰ্তমানলৈকে ধাৰাবাহিক ভাৱে জিলাখনৰ গঞা ৰাইজৰ কল্যাণৰ বাবে চৰকাৰে ধাৰ্য্য কৰা আঁচনিৰ

আবণ্টিত ধন ব্যাপক দূৰ্নীতি, জালিয়াতিৰে পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ ছত্ৰছায়াত প্ৰকল্প বিষয়া, বৰবাবু, এচাম ৰাজনৈতিক নেতা – পালিনেতাই লুন্ঠন চলোৱাৰ অভিযোগে ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।ফলত জিলাখনৰ গঞা ৰাইজৰ উন্নয়ন ভেকোঁভাওনাত পৰিণত হোৱা বুলি সৰ্বত্ৰে চৰ্চা হৈছে। অভিযোগ অনুসৰি জিলাখনৰ পূৰ্বৰ দুই মন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন, নীলমণি সেন ডেকা জিলা পৰিষদত সংঘটিত দূৰ্নীতিৰ দিশত একমাত্ৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে কোনো গুৰুত্বই নিদিলে। উল্লেখ্য যে তদানীন্তন জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দীনেশ নাথ, চৌধুৰী, অধৰ ভূঞা,মনোজ কুমাৰ, শিশিৰ কুমাৰ বৰুৱা, কৃষ্ণা বৰুৱাৰ লগতে তদানীন্তন পৰিষদৰ সভাপতি সোণাবৰ আলী, নিভা বৰুৱা,বিতুমণি দেৱীৰ মুল পৃষ্ঠপোষকতাত চলা অবাধ দূৰ্নীতি -অনিয়ম, জালিয়াতিৰ বাবে কংগ্ৰেছ আৰু অগপ তথা বৰ্তমানৰ বিজেপিৰ এচাম সুযোগ সন্ধানী নেতা -পালিনেতাই বিশাল সম্পত্তিৰ পাহাৰ বনালে যদিও অভিযোগ অনুসৰি ৰাইজে উন্নয়নৰ কোনো সুফল নাপালে। এনেদৰে চলিছিল নলবাৰী জিলা পৰিষদত কোটি কোটি টকাৰ লুন্ঠনৰাজ। কিন্তু মনকৰিবলগীয়া যে বিগত সময়ত জিলা পৰিষদত চলা এনে দূৰ্নীতিৰ ক্ষেত্ৰত পূৰ্বৰ চি পি আই (এম) দলৰ একমাত্ৰ প্ৰতিনিধি তথা বাহঁজানী জিলা পৰিষদ সমষ্টিৰ সদস্য ৰবীন মিশ্ৰই বলিষ্ঠ ভাবে প্ৰতিবাদ কৰি উদঙাই দিছিল যদিও কৰ্তৃপক্ষই কোন ব্যৱস্থা গ্ৰহণ কৰা দেখা নগল। প্ৰাপ্ত তথ্য মতে নলবাৰী জিলা পৰিষদত ৰাষ্ট্ৰীয় সামাজিক সাহায্য আচঁনি চমুকৈ এন এছ এ পি ৰূপায়নত বহু কোটি টকা মোকোলাই তদানীন্তন মুখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱাৰ নেতৃত্বত দূৰ্নীতি -কেলেংকাৰী সংঘটিত কৰি লুটৰাজ চলোৱাৰ অভিযোগ উঠিছে। জানিব পৰা মতে উক্ত আঁচনিৰ অধিনত পাচঁখন উপ আঁচনি ক্ৰমে ইন্দিৰা গান্ধী বিধবা পেন্সন, ইন্দিৰা গান্ধী বিশেষভাৱে সক্ষম লোকৰ পেন্সন,ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ আঁচনি, আৰু অন্নপূৰ্ণা আঁচনি ৰূপায়ন কৰিব লাগে যদিও অভিযোগ অনুসৰি ইয়াৰ অধিকাংশ কাগজে কলমেহে ৰূপায়ণ কৰা হৈছে। এন এছ এ পি আঁচনিৰ উপৰিও ত্ৰয়োদশ বিত্তীয় আয়োগ আঁচনিৰ জৰিয়তে জিলাখনত নতুনকৈ বিজেপিৰ নেতৃত্বত গঠন হোৱা পৰিষদৰ কাৰ্যকালতো সামূহিক ভৱন নিৰ্মাণৰ ৮০ লাখ টকাও আও ভাও দেখুৱাই কৃষ্ণা বৰুৱাই আত্মসাৎ কৰাৰ অভিযোগৰ লগতে , চতুৰ্দশ বিত্তীয় আয়োগ আৰু ডি ডি পি আঁচনি কেইখন ৰূপায়নতো নানা দূৰ্নীতি,অনিয়ম হৈছে। উল্লেখ্য যে বিগত এবছৰ নলবাৰী জিলা পৰিষদ বিজেপি অকলে শাসন কৰিছিল একমাত্ৰ জিলা পৰিষদৰ কেইবাজনো সদস্য,সদস্যাই বিজেপিত যোগদান কৰা বাবে। উক্ত আঁচনি কেইখনৰ আবণ্টিত ধন ৩০ কোটিৰো অধিক হব।প্ৰাপ্ত অভিযোগ অনুসৰি ২০১৩ -২০১৪ বিত্তীয় বৰ্ষৰে এচাম আচঁনি সম্পূৰ্ণ নোহোৱাৰ অজুহাত দেখুৱাই বিশ শতাংশ কাটি ৰখা ধনো চলিত বৰ্ষৰ ৮ এপ্ৰিলত কাৰ্যকাল সমাপ্ত নলবাৰী জিলা পৰিষদৰ বহু সদস্যই নাপালে। তেনেদৰে ২০১৫ -১৬ বিত্তীয় বৰ্ষত ত্ৰয়োদশ বিত্তীয় আয়োগ আচঁনিৰ দ্বাৰাই জিলাখনৰ মুঠ তেৰ টা জিলা পৰিষদীয় সমষ্টিত বিভিন্ন ৰাজহুৱা উন্নয়নমূলক কাম সম্পূৰ্ণ কৰাৰ পিছতো বিশ শতাংশ ধন লাভ নকৰাৰ অভিযোগ উঠিছে কাৰ্যকাল সমাপ্ত জিলা পৰিষদৰ এচাম সদস্য -সদস্যাৰ মাজৰ পৰাই। ইফালে একাংশ আচঁনিৰ ধন বেংকত দীৰ্ঘদিন ৰাখি তদানীন্তন মুখ্য কাৰ্যবাহী বিষয়া বৰুৱাই সুতৰ নামতো দূৰ্নীতি -কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ আছে। আনকি উক্ত আঁচনিৰ একাংশৰ ধন চৰকাৰৰ ৰাজভঁৰাললৈ উভতি যোৱা বুলিও বিষয়া বৰুৱাই পৰিষদৰ অধিকাংশ সদস্য সদস্যাক আভুৱাভাৰে বুলি ক্ষোভ প্ৰকাশ কৰে একাংশই ।
ইয়াৰ বিপৰীতে একাংশ আঁচনিৰ ধন পূৰ্বৰ বহু বিতৰ্কিত জিলা পৰিষদৰ সভানেত্ৰী বিতুমণি দেৱীক দিয়াৰ লগতে প্ৰতিবাদী উপ সভানেত্ৰী ৰীতা দত্তক ৰীতা দত্ত আৰু দুজন সদস্যক ভয়তে সম্পূৰ্ণ ধন মুকলি কৰি দিছিল। মুলত উক্ত বিয়াগোম দূৰ্নীতি – কেলেংকাৰীৰ অভিযোগত তদানীন্তন মুখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱা, বৰবাবু হলধৰ বৰ্মন, বৰ্তমানেও প্ৰকল্প বিষয়া দিপাংকী ভূঞা ,দুই কনিষ্ঠ অভিযন্তা আলা উদ্দিন আহমেদ, দিলিপ হালৈ সাঙোৰ খাই পৰিছে। আনকি এগৰাকী মুখ্য কাৰ্যবাহী বিষয়াই জেলৰ ভাত খাবলগাৰ লগতে বিতুমণি দেৱী সভানেত্ৰীৰ পৰা অপসাৰণ হোৱাই নহয় বিজেপিৰ পৰা বহিষ্কৃত হব লগা হৈছিল। অৱশ্যে কাৰ্যকাল সমাপ্ত জিলা পৰিষদৰ সভানেত্ৰী চপলা ৰাজবংশী মেধি, উপ সভানেত্ৰী ৰীতা দত্ত, বঞ্চিত এচাম সদস্যই জিলা পৰিষদৰ ভিতৰৰ লগতে মুকলিকৈ তীব্ৰ প্ৰতিবাদ কৰিছিল আৰু জিলাখনৰ মন্ত্ৰী -বিধায়ক, সাংসদক অৱগত কৰিছিল। পাছত ৰাজ্যৰ উদ্যোগ মন্ত্ৰী তথা নলবাৰীৰ ধৰ্মপুৰৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী, নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা আৰু বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই জিলাৰ সেইসময়ৰ অতিৰিক্ত উপায়ুক্ত হানিফ নুৰানীক সঠিক তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিব দিছিল। অভিযোগ অনুসৰি নুৰানিয়ে দুই এখন আঁচনি পৰিদৰ্শন কৰে যদিও গোপন বুজাবুজিৰে বাকী সমূহ আঁচনি পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া বৰুৱাই কৰাৰ ফলত তদন্ত প্ৰহসনত পৰিণত হৈছে। এই তদন্তৰ ক্ষেত্ৰত উদ্যোগ মন্ত্ৰী পাটোৱাৰীৰ ঘনিষ্ঠ, পকোৱা জিলা পৰিষদৰ সদস্য, জিলা বিজেপিৰ উপ সভাপতি পবিত্ৰ ডেকাই মধ্য ভোগী হৈ মেনেজ কৰাৰ অভিযোগ আছে জিলা পৰিষদৰ ক্ষোভিত সদস্য সকলৰ পৰাই । এনেদৰে গেৰুৱা দলটোৰ নেতা গৰাকীয়ে ক্ষমতা দেখুওৱাক লৈ বিজেপিৰ ভিতৰ চৰাৰ লগতে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আনকি জিলা পৰিষদৰ সেইসময়ৰ বিজেপিৰ সদস্য সদস্যা সকলে পবিত্ৰ ডেকাক নিয়ন্ত্ৰণ কৰিবলৈ জিলা বিজেপি সমিতিক দাবী জনাইছিল যদিও জিলা নেতৃত্বই কোনো গুৰুত্ব নিদিয়া বুলি অভিযোগ উঠিছে। এয়াই নহয় কাৰ্যকাল সমাপ্ত জিলা পৰিষদৰ উপ সভানেত্ৰী তথা বিজেপি নেত্ৰী ৰীতা দত্তই দূৰ্নীতি নিবাৰক শাখাত দিয়া অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছিল। সেই মৰ্মে দূৰ্নীতি নিবাৰক শাখাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নিৰ্দেশত শাখাটোৰ পৰিদৰ্শক আব্দুল হান্নানৰ নেতৃত্বত অহা এটা দলে জিলাখনৰ বিভিন্ন আঁচনিৰ কাম কাজৰ বুজ লোৱাৰ লগতে জিলা পৰিষদ আৰু জিলা গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আচঁনিৰ নথি পত্ৰ পৰীক্ষা কৰি বহুসংখ্যক অনিয়ম, জালিয়াতি ধৰা পেলাই বুলি জনা গৈছে ।কেইবাদিনো ধৰি চলা তদন্তই কোনো ব্যৱস্থা লব নোৱাৰিলে। অভিযোগ অনুসৰি এই তদন্ততো জিলাখনৰ ধৰ্মপুৰ সমষ্টিৰ শৰৎ বৰ্মন নামৰ বিজেপি নেতা গৰাকীয়ে মধ্য ভোগী হৈ তদন্তকাৰী বিষয়াক বিপথে পৰিচালিত কৰাৰ অভিযোগ উঠিছে। ইফালে ৰাজ্য চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু গ্ৰামোন্নয়ন বিভাগৰ যুটীয়া সঞ্চালক জনৈক মেধিৰ খাচ মানুহ বুলি জহাই আৰু পবিত্ৰ ডেকাৰ গোপন প্ৰেৰণাতে মুখ্য কাৰ্যবাহী বিষয়া বৰুৱাই ওভতগোৰে নাচি বিয়াগোম বিত্তীয় কেলেংকাৰী কৰাৰ গুৰতৰ অভিযোগো আছে। সম্প্ৰতি নলবাৰী জিলা পৰিষদ খনৰ এই বৃহৎ কেলেংকাৰীৰ অভিযোগৰ দিশত ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলে,জিলা পৰিষদৰ পদেন সদস্য তথা সাংসদ দিলীপ শইকীয়া,কুইন ওজা, আব্দুল খালেক,নৱ শৰণীয়া,বিভাগীয়
আয়ুক্তৰ হস্তক্ষেপ কামনা কৰিছে পূৰ্বৰ জিলা পৰিষদৰ ক্ষোভিত সদস্য সদস্যা সকলে । ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰতিনিধি সকলে নিকা স্বচ্চতাৰে পৰিবৰ্তন অনাৰ বুলি সভাই সমিতিয়ে চিঞৰি থকাৰ পিছটো বিগত তিনি বছৰে নলবাৰী জিলা পৰিষদত কিয়নো নীকা স্বচ্ছতাৰ প্ৰভাৱ নপৰিল সেয়া বিচাৰযোগ্য বিষয় বুলি গঞা ৰাইজৰ মাজত চৰ্চা লাভ কৰিছে।

Related Articles

Leave a Reply

Close