বিনোদনযুৱশীৰ্ষৰাষ্ট্ৰীয়

গৰ্ভৱতী অৱস্থাতে “মিছ ইণ্ডিয়া”ৰ খিতাপ লাভ কৰা এগৰাকী বিশেষ নাৰী

নিউজ ডেস্ক, প্ৰথম খবৰ: সৌন্দৰ্যৰ ক্ষেত্ৰখনত সুস্মিতা সেন,লাৰা দত্ত অথবা ঐশ্বৰ্য ৰায়ৰ কথা সকলোৱে জানে। এই  সকল নাৰীয়ে “মিছ ইণ্ডিয়া”ৰ দৰে খিতাপ লাভ কৰি সৌন্দৰ্যৰ ক্ষেত্ৰত এক চৰ্চাৰ বিষয় হৈ পৰিছে। কিণ্ড এই খিতাপ লাভ কৰা নাৰীসকলৰ মাজত এগৰাকী বিশেষ নাৰীৰ নাম অন্তৰ্ভুক্ত হৈ আছে।  তেওঁৰ নাম প্ৰমীলা। কলকাতাত জন্ম গ্ৰহণ কৰা এইগৰাকী নাৰীয়ে ১৯৬৭চনতে লাভ কৰিছিল “মিছ ইণ্ডিয়া”ৰ সন্মান। কিণ্ড এই সন্মান লাভ কৰা অন্য সুন্দৰীৰ তুলনাত প্ৰমীলা এই কাৰণেই পৃথক যে যি সময়ত  তেওঁ এই খিতাপ লাভ কৰিছিল সেই সময়ত তেওঁ গৰ্ভৱতী অৱস্থাত আছিল।

অকল সৌন্দৰ্যৰ ক্ষেত্ৰতে নহয় ভাৰতৰ ছবি জগততো তেওঁৰ অৱদান অপৰিসীম। ভাৰতৰ ছবি জগতৰ প্ৰথমগৰাকী মহিলা প্ৰযোজক আছিল প্ৰমীলা। প্ৰায় ১৬খনতকৈও অধিক ছবিৰ প্ৰযোজনা কৰিছিল এইগৰাকী নাৰীয়ে। প্ৰযোজনাৰ সমান্তৰালকৈ তেওঁ এগৰাকী সফল অভিনেত্ৰীও আছিল। “উলটি গংগা”, “জঙ্গল কিং” আদি ছবিত নিজৰ দুৰ্দান্ত অভিনয়েৰে দশৰ্কৰ সমাদৰ লাভ কৰিছিল প্ৰমীলাই। উল্লেখ্য যে বলিউদৰ জনপ্ৰিয় ছবি “যোধা আকবৰ”ৰ চিত্ৰ-নাট্য এইগৰাকী নাৰীয়েই লিখিছিল। ২০০৬ চনৰ ১৯ আগষ্ট তাৰিখে এইগৰাকী প্ৰচুৰ প্ৰতিভাৱান নাৰীয়ে চিৰবিদায় লয়। তেওঁ প্ৰমান কৰি গ’ল যে নাৰী কেতিয়াওঁ দুৰ্বল নহয়।তেওঁৰ এই সৃষ্টি আৰু প্ৰতিভা সদায় সমগ্ৰ দেশৰ বাবে এক আদৰ্শ হৈ থাকক।

 

Related Articles

Leave a Reply

Close