অসম

ঘন্টা ঘণ্টা ধৰি আবদ্ধ প্ৰসূতি সহিত নৱজাতক 

প্ৰথম খবৰ, মৰিয়নি:মৰিয়নিৰ কাকজান নিবাসী ৰাহুল ভূঞা আৰু পিংকি ভূঞাৰ যোৰহাট অসামৰিক চিকিৎসা মহাবিদ্যালয়ত প্ৰায় ছয় দিন পূৰ্বে এহাল যমজ সন্তানৰ জন্ম হয়। চৰকাৰী নীতি নিয়ম সমূহ কালি গধূলি সম্পূৰ্ণ হোৱাত চিকিৎসালয়ৰ কৰ্তৃপক্ষই তেওঁলোকক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে। দুৰ্গম যাতায়তৰ বাবে সন্ধিয়া তেওঁলোক ঘৰলৈ যাবলৈ অসমৰ্থ হোৱাত আজি পুৱা চিকিৎসালয় এৰে দম্পত্তিহালে। কিন্তু তেওঁলোকৰ সমস্যা তাৰ পাছতহে আৰম্ভ হয়। “আদৰণি” সেৱাৰ জৰিয়তে ঘৰলৈ যাবলৈ বিচৰাত “আদৰণিৰ” সেৱা ২০ কিলোমিটাৰলৈ হে সীমাবদ্ধ বুলি চালকে তেওঁলোকক জনাই যাবলৈ অসমৰ্থতা প্ৰকাশ কৰে। কিন্তু আদৰিনৰ চালক জনে দম্পত্তিহালৰ সুবিধাৰ বাবে ১০৮ সেৱাৰ চালকৰ লগত যোগাযোগ কৰাই দিয়ে। ১০৮ সেৱাৰ চালক জনে যাবলৈ সন্মতি প্ৰকাশ কৰে যদিও তাৰ বিনিময়ত পাৰ্টি বিচাৰে। ভূঞা দম্পত্তি হলে নিজৰ অপাৰগতা স্বীকাৰ কৰি ১০৮ ত নহাৰ সিদ্ধান্ত লৈ যোৰহাট চহৰলৈ টেম্পোত অহাৰ সিদ্ধান্ত লয়। নবজাতক শিশু দুটাৰ লগতে প্ৰসূতি গৰাকী টেম্পোত আহি মৰিয়নী লৈকে মেজিক ত আহে। কেনা লাগে ইয়াতেই ধনৰ অভাৱ আৰু ১৫ আগষ্টৰ বাবে সকলো চৰকাৰী আৰু বেচৰকাৰী যান বাহন বন্ধ থকাত বিয়লি লৈকে মৰিয়নী তে আবদ্ধ হৈ থাকিবলগাত পৰে দম্পতিহাল। পৰৱৰ্তী সময়ত কেইজনমান স্থানীয় সচেতন যুৱক আৰু সাংবাদিকে সমগ্ৰ ঘটনাটো জানিব পাৰি তেওঁলোকে এখন ই ৰিক্সাৰ ব্যৱস্থা কৰি দিয়াৰ লগতে কিছু অৰ্থ সাহায্য প্ৰদান কৰে।এতিয়া প্ৰশ্ন হয় অসম চৰকাৰৰ স্বাস্থ্যবিভাগে ৰাজ্যবাসীৰ সুবিধাৰ্থে ৰূপায়ন কৰা আঁচনি সমূহে প্ৰকৃততে ৰাইজ কিমান উপকৃত হৈছে সেইয়া হৈছে ডাঙৰ প্ৰশ্ন।

Related Articles

Leave a Reply

Close