শীৰ্ষৰাষ্ট্ৰীয়

“চৰকাৰে সংবিধানৰ উলংঘন কৰিছে”- ৰাহুল গান্ধী

নিউজ ডেস্ক, প্ৰথম খবৰ: জম্মু-কাশ্মীৰ পুনৰ্গঠনৰ কাৰণে গৃহমন্ত্ৰী অমিত শ্বাহে সদনত উত্থাপন কৰা আইনখনৰ ক্ষেত্ৰত বৰ্তমান সময়ত চৰ্চা চলি আছে। এই ক্ষেত্ৰত কংগ্ৰেছৰ পূৰ্বৰ সভাপতি ৰাহুল গান্ধীয়ে ৩৭০নং অনুচ্ছেদ গুচোৱাৰ সিদ্ধান্তৰ ওপৰত তেখেতৰ প্ৰতিক্ৰিয়া প্ৰদান কৰিছে। উল্লেখ্য যে যিসময়ত দেশৰ লগতে দলৰ বিভিন্ন যুৱনেতাই চৰকাৰৰ এই পদক্ষেপক সমৰ্থন কৰিছে তেনেসময়তে ৰাহুল গান্ধীৰ পৰা অহা টুইট বিশেষভাৱে লক্ষণীয়। ৰাহুল গান্ধীয়ে তেখেতৰ টুইটত উল্লেখ কৰে যে,” চৰকাৰে ৩৭০নং অনুচ্ছেদ সম্পৰ্কত লোৱা সিদ্ধান্তৰ জৰিয়তে দেশৰ সংবিধান উলংঘন কৰিছে লগতে ৰাষ্ট্ৰৰ একতাও উলংঘন কৰিছে চৰকাৰে। এটা ৰাষ্ট্ৰ গঠন হয় জনসাধাৰণৰ দ্বাৰাই মাটিৰ জৰিয়তে নহয়। এনেধৰণৰ সিদ্ধান্তৰ জৰিয়তে দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰশ্ন উঠিব পাৰে”। গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে কংগ্ৰেছৰ শাসনকালত ৩৭০ৰৰ ওপৰত দুবাৰকৈ সংশোধন কৰা হৈছিল। কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে কংগ্ৰেছে ইয়াৰ বিৰোধিতা কিয় কৰিছে সেয়া প্ৰশ্নবোধক কিয়নো তেওঁলোকৰ চৰকাৰে কেৱল কংগ্ৰেছৰ এজেণ্ডাখনকহে আগবঢ়াই লৈ গৈছে।

Related Articles

Leave a Reply

Close