অসম

ডিমাকুছিৰ ৰজাগড়ত স্বাধীনতা দিৱস উপলক্ষে ফুটবল খেল প্ৰতিযোগিতা

প্ৰথম খবৰ , তীৰ্থ শৰ্মা , ডিমাকুছি: ওদালগুৰি জিলাৰ ডিমাকুছিৰ ৰজাগড়ত স্বাধীনতা দিৱস উপলক্ষে ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰে। ৪ আগষ্টৰ পৰা অনুষ্ঠিত খেলখন ৰজাগড়ৰ শিমলু চ’ক ব্যৱসায়ী সন্থা আৰু ৰজাগড়বাসী ৰাইজৰ সহযোগত আজিৰ দিনটোতে চুড়ান্ত খেলখন আৰম্ভ হয়।  চুড়ান্ত খেলখন উদ্বোধন কৰে ৩৩ নং ননৈ চেৰফাং সমষ্টিৰ এম. চি. এল. এ. সুৰেশ তাঁতীয়ে । দিনত বিভিন্ন ধৰণৰ খেল ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

ধৰমজুলি চাহ বাগিচা আৰু ঔবাৰী মাইজাংশ্ৰী দলৰ মাজত অনুস্থিত খেলত দুয়োটা দলে ২ গ’ল কৈ দিয়াৰ ফলত ড্ৰ’ হয় , আৰু অৱশেষত টায়াৰ বেকাৰত ধৰমজুলি চাহ বাগিছাক ১ গ’ল দি ঔবাৰী মাইজাংশ্ৰী দলে বিজয়ী হয় ।

Related Articles

Leave a Reply

Close