অসমশীৰ্ষ

ডিমা হাছাওৰ উমৰাংছ’ত লোমহৰ্ষক হত্যা কাণ্ড

প্ৰথম খবৰ,কনক দেউৰী,খেৰণি :ডিমা হাছাওৰ উমৰাংছ’ত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যা কাণ্ড। অতি নিৰ্মম ভাৱে দাৰে ডিঙি ৰেপি স্বামীয়ে হত্যা কৰিলে নিজ পত্নীক। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল যোৱা বৃহস্পতিবাৰৰ নিশা। স্বামীৰ হাতত প্ৰাণ হেৰুৱা মহিলা গৰাকী আছিল উমৰাংছ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মৰত একাউন্টেট বিষয়া ৰুলি চাংমা। ভুক্তভোগী পৰিয়ালৰ ভাষ্য অনুসৰি পাষণ্ড স্বামী প্ৰদ্যুত চাংমায়ে পত্নীক হত্যা কৰিয়ে আত্মসমৰ্পণ কৰিছিল উমৰাংছ আৰক্ষী চকীত। সমান্তৰালকৈ হত্যাকাৰী স্বামীয়ে পত্নীক নৃশংসভাৱে হত্যা কৰি খেৰণিত অৱস্থিত পত্নীগৃহত ফোনযোগে কৈছিল কবৰ খান্দি সাজু কৰিবলৈ। দাম্পতিহালে উমৰাংছ’ বজাৰত তপন নাথ নামৰ লোক এজনৰ ভাড়া ঘৰত ভাড়াতিয়া হিচাপে যোৱা বুধবাৰৰ পৰা  থাকিবলৈ লৈছিল। এমাহ পূৰ্বে ডিফুৰ পৰা চাকৰিৰ কৰ্মস্থান বদলি হৈ উমৰাংছ’ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত যোগদান কৰিছিল ৰুলি চাংমাই। আৰু এনেদৰে ভাড়া ঘৰত যোৱা বুধবাৰৰ পৰা থাকিবলৈ লোৱা স্বামীয়ে বৃহস্পতিবাৰে নিশা নিজ পত্নীক দাৰে ডিঙি ৰেপি হত্যা কৰে বুলি অৱগত কৰে ভুক্তভোগী পৰিয়ালটোয়ে। আনহাতে যিখন দাৰে পত্নীক ডিঙি ৰেপি হত্যা কৰিছিল সেইখন খেৰণিৰ পৰাই লৈ গৈছিল হত্যাকাৰীয়ে বুলি উল্লেখ কৰে প্ৰয়াত ৰুলিৰ পৰিয়ালে। লগতে পতি-পত্নীৰ মাজত কোনো ধৰণৰ সংঘাত নাই যদিও স্বামীয়ে সদায় অত্যাধিক মদ্যপান কৰি পত্নী ৰুলি চাংমাৰ সৈতে কাজিয়াত লিপ্ত হয় বুলি প্ৰকাশ কৰাৰ উপৰিও আজি সুদীৰ্ঘ বছৰ ধৰি প্ৰদ্যুত চাংমাই ঘৰ-জোঁৱাই হিছাপে খেৰণিস্থিত পত্নীৰ গৃহতে বসবাস কৰি আহিছে বুলি জানিবলৈ দিয়ে পৰিয়ালৰ সদস্যই। আনহাতে ঘটনাক কেন্দ্র কৰি বৃহত্তৰ খেৰণি অঞ্চলৰ ৰাইজ ক্ষোভিত হোৱাৰ বিপৰীতে হত্যাকাৰীৰ বিৰুদ্ধে কঠোৰতম তথা আইনগতভাৱে ফাঁচী প্ৰদানৰ দাবী তোলে গাৰো সম্প্ৰদায়ৰ গাৰো সমাজৰ লগতে স্থানীয় ৰাইজে। ইপিনে যোৱা বৃহস্পতিবাৰৰ নিশা উমৰাংছ’ৰ ভাড়াঘৰৰ কোঠাত হত্যাকাণ্ড সংঘটিত কৰি হত্যাকাৰী প্ৰদ্যুত চাংমাই শুক্ৰবাৰে ৰাতিপুৱা উমৰাংছ আৰক্ষী চকীত স্বয়ং উপস্থিত হৈ আত্মসমৰ্পণ কৰাৰ বিপৰীতে হত্যা কাণ্ডৰ কথা সম্পূৰ্ণৰূপে স্বীকাৰ কৰে বুলি জানিবলৈ দিয়ে উমৰাংছ আৰক্ষী বিষয়াই। কিন্তু কি কাৰণত পতি-পত্নীৰ মাজত কি সংঘাত সৃষ্টি হৈছিল বা স্বামীয়ে হত্যাৰ দৰে এনে জঘন্য কাণ্ড সংঘটিত কৰিলে সেইয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই। আৰক্ষীৰ তদন্তৰ পিছতহে ঘটনাৰ আঁৰৰ কাহিনী স্পষ্ট হৈ পৰিব। উল্লেখযোগ্য যে নিৰ্মম হত্যা কাণ্ডৰ উক্ত ঘটনাই এতিয়া ডিমা হাছাও জিলাৰ উমৰাংছ অঞ্চলৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাৰ সমগ্ৰ খেৰণি অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। লগতে এক শোকাকূল পৰিৱেশৰ ছবি পৰিলক্ষিত হৈছে পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণি অঞ্চলত।

Related Articles

Leave a Reply

Close