অসম

ডুমডুমা মহাবিদ্যালয়ৰ নবাগত আদৰণী সভা

ডুমডুমা, ১০ আগষ্ট : ডুমডুমা মহাবিদ্যালয়ৰ আজি অনুষ্ঠিত হোৱা নবাগত আদৰণী সভাত অংশ লয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকাই আৰু ‘উচ্চশিক্ষা-সমাজ, মূল্যবোধ আৰু প্ৰত্যাহ্বান’ বিষয়ত এটি তথ্যগধুৰ বক্তৃতা প্ৰদান কৰে । তেখেতে বক্তৃতাযোগে বৰ্তমান যুগৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ ছাত্ৰসমাজক আহ্বান জনোৱাৰ লগতে সমান্তৰালভাৱে শিক্ষকসমাজকো একেটা গতিত আগবাঢ়ি যাবলৈ আহ্বান জনায় । তেখেতে ইয়াকো কয় যে তথ্য শিক্ষাৰ গুৰুত্ব বহুগুণে বৃদ্ধি পাইছে আৰু সমাজত মূল্যবোধৰ অৱক্ষয় ঘটিছে । মহাবিদ্যালয়খনৰ উপাধ্যক্ষ বীৰেন্দ্ৰ কুমাৰ হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোত অন্যতম দুই বিশিষ্ট অতিথিৰ ভিতৰৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ মানৱ সম্পদ বিকাশ কেন্দ্ৰৰ সঞ্চালক ড০ যোগেন্দ্ৰ চন্দ্ৰ কলিতাইও ভাষণ

Related Articles

Leave a Reply

Close