অসমশীৰ্ষ

ত্ৰিৰংগা পতাকাৰ তলত প্ৰতিবাদৰ সিদ্ধান্ত শিক্ষকৰ

প্ৰথম খবৰ,প্ৰাঞ্জল শৰ্মা, নলবাৰী ,১২ আগষ্ট : বিগত ২৫/৩০ বছৰ পূৰ্বে ৰাইজে প্ৰয়োজনত প্ৰতিষ্ঠা কৰা ৰাজহুৱা খণ্ডৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান সমূহত কৰ্মৰত শিক্ষক – কৰ্মচাৰীৰ জীৱন আৰু পৰিয়ালক লৈ কিমান হেতালি খেলিব চৰকাৰে ? ৰাজ্যৰ বৰ্তমানৰ শিক্ষা মন্ত্ৰী গৰাকী মাথো নিজক চৰ্চাৰ বাবে নানা অলাগতীয়াল কথা কৈ শিক্ষক সকলক অপমান কৰাৰ অভিযোগ সৰ্বত্ৰে। অথচ ২০১১ চনৰ পৰা চৰকাৰে প্ৰাদেশিকীৰণৰ নামত একাধিক আইন প্ৰণয়ন কৰাৰ পাছতো আজিলৈকে এই সকল শিক্ষক- কৰ্মচাৰীক বিভিন্ন অজুহাতত বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে,যাৰ ফলত প্ৰাদেশিকীৰণৰ মূখ নেদেখাকৈয়ে বহু শিক্ষকে অৱসৰ লবলগীয়া হৈছে, বহু শিক্ষকে পৰিয়ালৰ বোজা বহন কৰিব নোৱাৰি আত্মহননৰ দৰে পন্থা লব লগীয়া হৈছে, আৰ্থিক দীনতাৰ বাবে চিকিৎসাৰ অভাবত শিক্ষক- কৰ্মচাৰীৰ লগতে পৰিয়ালৰ লোকে অকালতে প্ৰাণ হেৰুৱাব লগা হৈছে। আনহাতে প্ৰতিদিনেই প্ৰতিষ্ঠাপক জ্যেষ্ঠ শিক্ষক-কৰ্মচাৰী সকলে অৱসৰৰ দিন চমু চাপি আহিছে।শিক্ষক সকলে সুদীৰ্ঘকাল আন্দোলন কৰি আহিছে যদিও কোনো গুৰুত্বই নিদিয়ে চৰকাৰে । এখন স্বাধীন দেশৰ নাগৰিক হৈয়ো বিনাবেতনে প্ৰজন্মে প্ৰজন্মে শিক্ষাদানৰ দৰে পবিত্ৰ কৰ্মত ব্ৰতী হৈ আহিছে যদিও চৰকাৰে ভেঞ্চাৰ শিক্ষক-কৰ্মচাৰী সকলক অপৰাধীৰ দৰে বিগত সময়ত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই ৰাজহুৱা ভাবে তুচ্ছ – তাচ্ছিল্য, ইতিকিং কৰি শিক্ষকতাৰ মৰ্যদাত আঘাত হানিছে। অসম বিধান সভাৰ প্ৰতিখন অধিৱেশনতে চৰকাৰে অন্ততঃ কিবা এটা কৰিব বুলি বহু আশাৰে বাট চাই থাকে যদিও মুৰকত হতাশাত বিধ্বস্ত হৈ শিক্ষক-কৰ্মচাৰী সকল দিন অতিবাহিত কৰিব লগীয়া হৈছে। সেয়েহে আগন্তুক স্বাধীনতা দিৱসৰ দিনটোত সমগ্ৰ ৰাজ্যৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানত শিক্ষক সকলে পতাকাৰ তলত ক্ষোভ উজাৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । নলবাৰী জিলা অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান সুৰক্ষা মঞ্চৰ সভাপতি শ্বাহ আলম,সম্পাদক পংকজ দাস, উপ সভাপতি জিতেন্দ্ৰ কুমাৰ শৰ্মা, সহ সম্পাদক তাইজুদ্দিন আহমেদ স্বাক্ষৰ কৰা আজি এক প্ৰেছ বিবৃতিত সংবাদ মাধ্যমক এই সিদ্ধান্ত জনোৱাৰ লগতে বিবৃতিটোত কয়, স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ৰাজ্যৰ লগতে নলবাৰী জিলাৰো প্ৰতিখন ভেঞ্চাৰ শিক্ষানুষ্ঠানত সংশ্লিষ্ট অঞ্চলৰ অভিভাৱক সকলৰ লগতে পৰিচালনা সমিতিৰ সভাপতি সহ সদস্য/সদস্যা,প্ৰতিষ্ঠাপক ব্যক্তি, দল-সংগঠনৰ নেতৃত্ব আৰু স্থানীয় ৰাইজ উপস্থিত থাকিব। মৰ্যদা সহকাৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পাছতে ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীৰণৰ ক্ষেত্ৰত চৰকাৰে বিগত সময়ত কৰি অহা প্ৰতাৰণা আৰু অবিচাৰ- বিড়ম্বনাৰ সমস্ত কাণ্ড বিস্তাৰিত ভাবে ৰাইজৰ আগত ব্যক্ত কৰিব । উল্লেখযোগ্য যে, ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ সমস্যাটো শিক্ষকৰ মাজতে আবদ্ধ নেৰাখি ৰাইজৰ দ্বাৰাই এই ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান সমূহ সুৰক্ষিত কৰাৰ উদ্দেশ্যৰে ৰাজহুৱা ভিত্তিত অসম অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠান সুৰক্ষা মঞ্চ নামেৰে সংগঠনটো গঠন কৰা হৈছে। অনাগত সময়ত ৰাইজৰ দ্বাৰা স্থাপিত সৰ্বস্তৰৰ শিক্ষানুষ্ঠান সমূহৰ লগতে প্ৰাদেশিকীকৃত শিক্ষানুষ্ঠান সমূহো ৰাইজৰ মাজত সুৰক্ষিত হৈ থাকে, তাৰ বাবে ৰাইজৰ সহযোগত সজাগতা সৃষ্টিৰ বাবে কাম কৰি যাব বুলি সংগঠনটোৰ নেতৃবৃন্দই জানিবলৈ দিছে।

Related Articles

Leave a Reply

Close