অসমশীৰ্ষ

দুধনৈত দিনজোৰা কাৰ্যসূচীৰে জন্মাষ্টমী উদযাপন

প্ৰথম খবৰ, দুধনৈ, ২৩ আগষ্ট-

দুধনৈস্থিত নিউ দুধনৈ নামঘৰ প্ৰাঙ্গণত আজি শ্ৰী শ্ৰী মহাপ্ৰভু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উলহ মালহেৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়৷ এই উপলক্ষে আয়োজিত কাৰ্যসূচী মৰ্মে ৰাতিপুৱা ভাগৱত শোভাযাত্ৰা উলিওৱা হয়৷ খোল-তাল, শংখ- ঘণ্টা, উৰুলি আয়তী সকলৰ দ্বাৰা পৰিবেশিত নামপ্ৰসঙ্গৰে আৰম্ভ কৰা ভাগৱত শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে ভাগৱত পাঠক প্ৰতুল নাথে ৷ নিউ দুধনৈ নামঘৰ প্ৰাঙ্গণৰ পৰা আৰম্ভ কৰা ভাগৱত শোভাযাত্ৰাই অমৰাৱতী গাঁওৰ মাজেৰে গৈ ঐতিহ্যমণ্ডিত খেলাৰাম ঠাকুৰ বাবাৰ মন্দিৰত সেৱা আগবঢ়াই দুধনৈ চহৰ পৰিভ্ৰমণ কৰি পুনৰ নামঘৰ প্ৰাঙ্গণত সমাপ্ত হয়৷ জন্মাষ্টমী উপলক্ষে গোটেই দিন ভাগৱত পাঠ, নাম প্ৰসংগ চলি থাকে৷ আনহাতে ৰূপালী জয়ন্তী বৰ্ষত এই অঞ্চলৰ কেইগৰাকীমান বয়োজেষ্ঠ্য তথা সমাজকৰ্মী ক্ৰমে হৰকুমাৰ ৰাভা, সুৰেশ চন্দ্ৰ নাথ, হিৰণ ৰায়,অৰুণ কলিতা, ভুবন কলিতা, ৰূপ নাথ আৰু অহল্যা ৰাভাক সম্বৰ্ধনা জনোৱাৰ লগতে শিশু সকলে কৃষ্ণ আৰু তেওঁৰ সংগী সকলৰ বেশভূশাৰে ৰাইজক আনন্দিত কৰে৷ ভক্তি ৰসেৰে ৰজনজনাই থকা ৰূপালী জয়ন্তী বৰ্ষৰ দিনজোৰা কাৰ্যসূচীত দুধনৈবাসী ৰাইজে অংশ গ্ৰহণ কৰে৷

Related Articles

Leave a Reply

Close