অসম

দৰঙৰ উপায়ুক্ত ৰ কাৰ্যলয়ত অৰাজকতা‌

প্ৰথম খবৰ,দৰং:সম্প্ৰতি দৰং জিলাৰ উপায়ুক্ত ৰ কাৰ্যলয়ত একপ্ৰকাৰ অৰাজক পৰিস্থিতি হোৱা বুলি জানিব পৰা গৈছে ।অলপতে জিলা খনৰ।গাওঁ পঞ্চায়ত আৰু বিদ্যালয়, চৰকাৰী কাৰ্যলয়ত যোগান ধৰা পাঞ্ছিং মেছিন বোৰ কম মূল্য ত ক্ৰয় কৰি এগৰাকী বিশেষ ঠিকাদাৰে নিজৰ মুনাফা লাভৰ বাবে ছয় সাত হাজাৰ টকীয়া মেছিন ৰ ঠাইত ষোল্ল হাজাৰ টকাত ক্ৰয় কৰি মেছিন যোগান ধৰি ছিল ।এই কথা বাতৰি কাকত প্ৰকাশ হোৱাৰ পিছত এতিয়া কাৰ্য লয়ত অন্য মোৰ লৈছে ।অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ দল এটি য়ে উপায়ুক্ত ঘনশাম ক উক্ত ঘটনা ৰ উচিত তদন্ত বিচাৰি এখন আৱেদন দিয়ে ।আনহাতে বৰ্তমানৰ উপায়ুক্ত গৰাকী য়ে জিলা খনৰ জনসাধাৰণক লগ কৰিব নিদিয়া বুলিও অভিযোগ উঠি ছে ।উল্লেখযোগ্য যে পূৰ্বৰ উপায়ুক্ত গৰাকী য়ে ৰাইজৰ লগত যথেষ্ট সম্পৰ্ক ৰাখিছিল ।উপায়ুক্ত কাৰ্যলয়ৰ এনে অৰাজক পৰিস্থিতি লৈ জিলাৰ সচেতন মহল ৰ মাজত বিষয় টি চৰ্চা হৈছে।

Related Articles

Leave a Reply

Close