অসমশীৰ্ষ

দৰঙৰ দলগাঁৱৰ দৈপামত জঘন্য কাণ্ড৷আঠ বছৰীয়া কিশোৰীক বলপূৰ্বক ভাৱে ধৰ্ষণ যুৱকৰ

প্ৰথম খবৰ,ৰফিক তালুকদাৰ,দৰং: সংকটজনক অৱস্থাত চিকিৎসাধীন ।ঘটনা গাপ দিয়াৰ চেষ্টা দৈপাম আৰক্ষীৰ ।

এক জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে দৰঙৰ দলগাঁৱৰ বৰুৱাঝাৰত । ২৮ জুলাইত খাৰুপেটীয়াৰ বলোগঢ়া গাঁৱৰ এগৰাকী ৮ বছৰীয়া কিশোৰী মামীয়েকৰ লগত ১/২ নং বৰুৱাঝাৰ গাৱৰ হালিমা বেগমৰ ঘৰলৈ ফুৰিবলৈ যায় । উক্ত দিনা হালিমা বেগমৰ জেষ্ঠ পুত্ৰই কিশোৰী গৰাকীক ফুচুলাই পুখুৰীৰ পাৰলৈ নি বলপূৰ্বক ভাবে ধৰ্ষণ কৰে ৷উক্ত জঘন্য কাণ্ডৰ ফলত অত্যাধিক হাৰত ৰক্তক্ষৰণ হোৱা কিশোৰী গৰাকীক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰা হয় । বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে কিশোৰী গৰাকী ।ঘটনা সম্পৰ্কে কিশোৰী গৰাকীৰ পিতৃয়ে দলগাও থানাৰ অন্তৰ্গত দৈপাম আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে বিভিন্ন অজুহাত দেখুৱাই ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰি বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লগতে একাংশ ৰাইজে । উপায়ন্তৰ হৈ ভুক্তভোগী কিশোৰী গৰাকীৰ পিতৃয়ে ধূলা থানাত আন এখন এজাহাৰ দাখিল কৰে । কিশোৰী গৰাকীয়ে আৰক্ষীৰ পৰা ন্যায় পাবনে নে সাৰি যাব পাষণ্ড ধৰ্ষণকাৰী ? ইয়াক লৈ ৰাইজৰ মাজত উত্থাপিত হৈছে প্ৰশ্ন৷

Related Articles

Leave a Reply

Close