অসম

ধোপাতাৰীত ধৰ্মপ্ৰাণা মহিলা ও অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীৰ পৰলোকপ্ৰাপ্তি 

প্ৰথম খবৰ, পঙ্কজ, নাথ, চাংসাৰি:কামৰূপ জিলাৰ ধোপাতাৰীৰ এগৰাকী ধৰ্মপ্ৰাণ মহিলা ও প্ৰাক্তন শিক্ষয়িত্ৰীৰ কালি ১৪ আগষ্টত নিজ বাসগৃহত মৃত্যু হয়। ধোপাতাৰীৰ প্ৰায় ৭৫ বছৰীয়া ধৰ্মপ্ৰাণ মহিলা, প্ৰাক্তন শিক্ষয়িত্ৰী প্ৰয়াত পবিত্ৰী বৰ্মন কেইবাদিনো ধৰি বাৰ্ধক্য জনিত কাৰণত কিছু ৰোগাক্ৰান্ত হৈ যোৱাকালি ৰাতিপুৱাৰ সময়ত স্বৰ্গগামী হয়। তেখেত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সংগী ও ধোপাতাৰী অঞ্চলৰ এগৰাকী ধৰ্মপ্ৰাণা মহিলা আছিল। তেখেতে ৬০৫ নং ধোপাতাৰী প্ৰাথমিক বিদ্যালয়ৰ় পৰা ২০০৩ চনত সহকাৰী শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পিছৰে পৰা সামাজিক ও ধাৰ্মিক কামত জড়িত হৈ পৰে। যোৱাকালি তেখেতৰ মৃত্যুত অঞ্চলটোৰ ভালেসংখ্যক লোকৰ সমাগম হৈ তেখেতৰ মৃতদেহ লৈ তেখেতে কাম কৰা বিদ্যালয়লৈ এক সমদল উলিয়াই। ইয়াৰ লগতে তেওঁৰ মৃত্যুত তেওঁৰ লগত নাম প্ৰসংগ কৰা সংগী আই সকলৰ উপৰিও অঞ্চলটোৰ ৰাইজ আৰু শুভাকাংক্ষী সকলে গভীৰ শোক প্ৰকাশ কৰি পবিত্ৰী বৰ্মনৰ গুণ গৰীমাৰ গুণাগঁথা কৰি তেওৰ আত্মাৰ সদগতিৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। প্ৰয়াত পবিত্ৰী বৰ্মনে মৃত্যুৰ সময়ত দুগৰাকী পুত্ৰৰ সহিতে স্বামী কবিন বৰ্মনৰ উপৰিও জী – জোৱাই আৰু কেইবাজনো নাতি পুতি ইহ সংসাৰত এৰি থৈ যায়।

Related Articles

Leave a Reply

Close