অসমবিনোদনশীৰ্ষ

নলবাৰীত কাঞ্চনজংঘাৰ প্ৰচাৰ জুবিন গাৰ্গৰ

প্ৰথম খবৰ ,প্ৰাঞ্জল শৰ্মা , নলবাৰী ,২৩ আগষ্টঃ অহা ৬ ছেপ্টেম্বৰত মুক্তি পাবলগীয়া জুবিন গাৰ্গৰ বহু প্ৰত্যাশিত ছবি ‘কাঞ্চনজংঘা’ ৰ প্ৰচাৰৰ বাবে আজি নলবাৰীত উপস্থিত হয় জনপ্ৰিয় গায়ক জুবিন গাৰ্গ । নলবাৰী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত নলবাৰী মহাবিদ্যালয়ত জুবিনবাহিনীয়ে প্ৰচাৰ অভিযান চলায় । জুবিন গাৰ্গৰ লগত পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে কাঞ্চনজংঘাৰ অন্যান্য কলা কুশলীসকলো উপস্থিত থাকে ।মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উৎসাহ দেখি জুবিনে কাঞ্চনজংঘাৰ “ধূলিকণা” শীৰ্ষক গীতটো গাই শিক্ষাৰ্থীসকলক মুগ্ধ কৰে।।

Related Articles

Leave a Reply

Close