অসমনলবাৰী

নলবাৰীত হিন্দু জাগৰণ মঞ্চৰ অৰুণ জেটলীক স্মৰণ

প্ৰথম খবৰ, প্ৰাঞ্জল শৰ্মা, নলবাৰী :নলবাৰীৰ গোল পাৰ্কত আজি সন্ধিয়া হিন্দু জাগৰণ মঞ্চৰ উদ্যোগত ৰাজহুৱা ভাবে ভাৰতৰ প্ৰাক্তন বিত্ত মন্ত্ৰী তথা বিজেপি নেতা প্ৰয়াত অৰণ জেটলীক স্মৰণ কৰা হয়। হিন্দু জাগৰণ মঞ্চৰ জিলা সভাপতি বিজু দত্ত, সম্পাদক মানস পাটগিৰি,ভাস্কৰ ডেকা, হিন্দুত্ববাদী নেতা ধৰ্মেশ্বৰ হালৈ, ৰমেন দাস,ৰুবী মহন্ত, হেমেন্দ্ৰ মহন্ত সহ সংগঠনটোৰ বহু সংখ্যক কৰ্মী তথা ৰাইজে বন্তি প্ৰজ্বলন কৰাৰ লগতে অৰুণ জেটলীৰ প্ৰতিচ্ছবিৰ সন্মুখত মাল্যাৰ্পন কৰি স্মৰণ কৰে। অনুষ্ঠানত সংগঠনটোৰ জিলা সভাপতি বিজু দত্তই বন্তি প্ৰজ্বলন কৰি কয় যে অৰুণ জেটলী এগৰাকী হিন্দুৰ হকে দেহে কেহে লাগি থকা ব্যক্তি আৰু মন্ত্ৰী হিচাপেও সফলতা অৰ্জন কৰিছিল। তেওঁৰ মৃত্যুত ভাৰতবৰ্ষই সৎ দেশ নেতা এগৰাকী হেৰুৱালে বুলি দোহাৰে ।

Related Articles

Leave a Reply

Close