অসমনলবাৰী

নলবাৰী নাট্য মন্দিৰত বৰ্ণিল অনুষ্ঠান দ্বিজেন দাসক পাগলাদিয়া বঁটা,গংগামোহন মিলিক সেউজী সেউজী বঁটা প্ৰদান

প্ৰথম খবৰ,প্ৰাঞ্জল শৰ্মা,নলবাৰী:নলবাৰী নাট্য মন্দিৰত আজি নিশা অনুষ্ঠিত এক বৰ্ণিল অনুষ্ঠানত বিশিষ্ট কবি দ্বিজেন কুমাৰ দাসক পাগলাদিয়া বঁটা আৰু গংগামোহন মিলিক সেউজী সেউজী বঁটা প্ৰদান কৰা হয়। নলবাৰী জিলাৰ নানকাৰ ভয়ৰাৰ পৰা প্ৰকাশিত কাব্যালোচনী “সেউজী সেউজী”য়ে প্ৰগতিশীল দৃষ্টিভংগীৰে ৪৩ বছৰ অতিক্ৰম কৰিলে। এই কাব্যগ্ৰন্থখনৰ অতীতৰ সুমধুৰ স্মৃতি সুঁৱৰি নৱপ্ৰজন্মক এক সুকীয়া পৰিচয় হাতত তুলি দিবলৈ উদ্যোক্তাসকলে নলবাৰী নাট্য মন্দিৰত অনুষ্ঠিত কৰে এই অনন্য অনুষ্ঠানৰ। সন্ধিয়া বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সম্পাদক অক্ষয় ডেকাই। প্ৰয়াত ছাত্ৰ নেতা অমিয় বৰ্মনৰ প্ৰতিকৃতিত মাল্যদান কৰে তেওঁৰ পৰিবাৰ অজন্তা বৰ্মনে। ইয়াৰ পিচতে বিশেষ অনুষ্ঠান উদ্বোধন কৰে নলবাৰী জিলা উপায়ুক্ত ভাৰতভূষণ দেৱ চৌধুৰীয়ে। তাৰ পিচতে কবিতা আবৃত্তিৰ অনুষ্ঠানত হেমাংগ বিশ্বাসৰ এটা কালজয়ী কবিতা আবৃত্তি কৰে কবি শান্তনু শৰ্মা, নন্দকিশোৰ ভূঞা, মনিষা তালুকদাৰ আৰু নৱনিতা কলিতাই। অনুষ্ঠানত বিশিষ্ট কণ্ঠ শিল্পী দিলীপ দাসক সম্বৰ্ধনা জনোৱা হয়। সেউজী সেউজী কটন নবীন বিশেষ সংখ্যা উন্মোচন কৰে বিশিষ্ট সাহিত্যিক,সাহিত্যাচাৰ্য ড° বসন্ত কুমাৰ ভট্টাচাৰ্যই। অনুষ্ঠানত আন কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়। উন্মোচন কৰে অসমবাণীৰ সম্পাদক দিলীপ চন্দন, অধ্যাপক ড° ধ্ৰুৱজ্যোতি দাস, কবি মঞ্জু দেৱী পেগু,নলবাৰী জিলা পৰিবহন বিষয়া ৰূপজ্যোতি কলিতাই। পুলক বৰ্মন, দিলজিৎ বৰ্মন, নৱজৌতি পাঠকে আতঁ ধৰা নিশা শিল্পী দিলীপ দাসৰ গীতৰ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত অতিথি হিচাপে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা উপস্থিত থাকে ।

Related Articles

Leave a Reply

Close