অসম

নায়েৰ আলগা উন্নয়ন খন্ডত ব্যপক দুৰ্নীতি, মৃত ব্যক্তিৰ জবকাৰ্ডেৰে ধন আত্নসাৎ

প্ৰথম খবৰ , বগৰিবাৰী: কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী স্কিম তথা ফ্লপ শ্বোত পৰিণত হোৱা এম,জি, এন,ৰেগা আচঁনিত সমগ্ৰ অসমত চলিছে হৰিলুট । ইয়াৰ ভিতৰত পশ্চিম বিলাসীপাৰাত এম,জি,এন,ৰেগা আচঁনিৰ বিয়াগম কেলেংকাৰীয়ে সমগ্ৰ অসমত শিৰোনাম দখল কৰিছে । পশ্চিম বিলাসীপাৰাৰ নায়েৰ আলগা উন্নয়ন খন্ডৰ ৯ খন গাওপঞ্চায়তৰ অধিকাংশ আচঁনিৰ কোনো কাম নকৰাকৈ জবকাৰ্ড একাউন্টৰ জৰিয়তে ধন উঠোৱাই আত্নসাৎ কৰে । সদ্য পানীত ন-পূৰণি বহুত ৰাস্তাৰ ক্ষতিগ্ৰস্থ হয় । আৰু এই ছেগতে নায়েৰ আলগা উন্নয়ন খন্ডৰ ভি,ডি,অ ৰৌশন ৰহমানে প্ৰতিখন গাও পঞ্চায়তৰ সভাপতি, কাউন্সিলাৰৰ পৰা পচিশ হাজাৰকৈ (২৫,০০০)টকা উপঢৌকন লৈ সকলো ৰাস্থা Demise হোৱা বুলি প্ৰতিবেদন দাখিল কৰি দুৰ্নীতি কাৰীক প্ৰশ্চয় দি পকেট গৰম কৰে । শেহতীয়াকৈ মছলাপাৰা গাও পঞ্চায়তৰ পাটাকাটা ৩য় খন্ডত অৱস্থিত দক্ষিন মছলাপাৰা এল,পি, স্কুলৰ খেল পথাৰত এমজিএনৰেগা আচঁনিৰ অধিনত মাটি ভৰ্তি কৰাৰ বিপৰীতে কোনো কাম নকৰাকৈ সৰফেত আলী, আমিৰ আলী,ৰমজান আলী, বাহাৰ আলী, আইনুদ্দিন সেখ, আদি কৰি প্ৰায় কুৰি জন মৃত ব্যক্তিৰ নামত জৱকাৰ্ড বনাই ভূৱা একাউন্টৰ জৰিয়তে ইতিমধ্যে দুইলাখ সাতাত্তৰ হাজাৰ নশ-বিশ (২৭৭৯২০/) টকা উঠোৱাই বান্দৰৰ ৰুটি বগাই লয় । এই ক্ষেত্ৰত স্থানীয় স্বেচ্ছা সেবক সংগঠন আৰু স্থানীয় ৰাইজৰ হৈ মতিন মজুমদাৰ নামৰ যুৱক জনে গৌৰীপূৰৰ আটানী আৰক্ষী চকীত নায়েৰ আলগা উন্নয়ন খন্ড বিষয়া, ৰৌশন ৰহমান, কনিষ্ঠ অভিযন্তা, আকিদুল ইছলাম, মছলাপাৰাৰ কাউন্সিলাৰ, কিশমত আলী, কুখ্যাত দালাল সাহ দুলাল আদি কৰি পাচঁজনৰ বিৰুদ্বে এটি গোচৰ ৰুজূ কৰে । আনহাতে একাংশ লোকে এই সংক্ৰান্তে জিলা উপায়ুক্ত আৰু মহকুমাধিপতিৰ ওচৰত অভিযোগ পত্ৰ দাখিল কৰিব বুলি জানিব দিয়ে । এই ঘটনাত দুৰ্নীতি মুক্ত চৰকাৰৰ প্ৰশাসন বিভাগৰ পদক্ষেপ ৰাইজৰ বাবে লক্ষণীয় দিশ হৈ পৰিছে ।

Related Articles

Leave a Reply

Close