অসমনলবাৰীশীৰ্ষ

নীলমণিৰ ভেটিত কপনি, বানেকুছিত আঢ়ৈশ কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

প্ৰথম খবৰ, প্ৰাঞ্জল শৰ্মা, নলবাৰী:নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিত প্ৰাক্তন আঢ়ৈ টকীয়া কৃষি মন্ত্ৰী নীলমণি সেন ডেকাৰ ভেটিত আৰম্ভ হৈছে গঢ়াখহনীয়া।আজি ৯ আগষ্টৰ দিনা ধৰ্মপুৰ সমষ্টিৰ বানেকুছিৰ মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজেপি নেতা ভাস্কৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সংগঠন পৰ্ব আৰু সদস্যতা অভিযান অনুষ্ঠানত ধৰ্মপুৰ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা ২৫০ গৰাকী কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰে।এওঁলোকক গেৰুৱা বসনৰে আদৰণি জনোৱা হয়।সভাত নলবাৰী জিলা বিজেপিৰ সভাপতি বনদীপ ডেকাই ভাষণ দি কয় যে-বিজেপি দলে প্ৰথমে দেশক ,দ্বিতীয়তে দলক আৰু তৃতীয়তহে ব্যক্তিক গুৰুত্ব দিয়ে।তেওঁ আৰু কয় যে-অহা পাঁচটা বছৰৰ পিছত বাকী ৰাজনৈতিক দলবোৰৰ নাম- নিচানেই নোহোৱা হৈ যাব।৪০ নং নতুন দেহৰ গাঁও পঞ্চায়তৰ অধীনত অনুষ্ঠিত হোৱা এই সভাত উক্ত পঞ্চায়তৰ আঞ্চলিক সদস্য জমৰাত আলী,জিলা বিজেপিৰ উপ সভানেত্ৰী আৰতি বৈশ্য,বিজেপি নেতা ত্ৰিনয়ন বৰ্মন, দিলীপ বর্মন, নজৰুল ইছলাম, আবুবক্কৰ চিদ্দিক পাছাকে ধৰি কেবাগৰাকীও বিজেপিৰ কাৰ্যকৰ্তা উপস্থিত আছিল।

Related Articles

Leave a Reply

Close