অসম

পশ্চিম কাৰ্বি আংলঙৰ তেলেহৰত বিনামূলীয়া মাছৰ পোনা বিতৰণ

"বহুমুখী উপাৰ্জনে কৃষকৰ আৰ্থিক সমস্যা আৰু দীনতা দূৰ কৰে"---- মঙ্গলছিং তিমুং।

প্ৰথম খবৰ,খেৰণি :পশ্চিম কাৰ্বি আংলঙৰ তেলেহৰত কাৰ্বি আংলং মীন বিভাগৰ উদ্যোগত আজি আনুষ্ঠানিকভাৱে বিনামূলীয়াকৈ মাছৰ পোনা বিতৰণ কৰা হয়। কাৰ্বি পৰিষদৰ পৰিষদীয় হামৰেন সমষ্টিৰ অন্তৰ্গৰ তেলেহৰত উক্ত বিভাগটোৰ উদ্যোগত অনুষ্ঠিত কৰা মাছৰ পোনা বিতৰণি অনুষ্ঠানত মুখ্য অতিথি ৰূপে কাৰ্বি পৰিষদৰ মীন বিভাগৰ বিভাগীয় কাৰ্যবাহী সদস্য ৰূপছিং তেৰণৰ বিপৰীতে বিভাগীয় কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুং, হামৰেণ সমষ্টিৰ গাওঁ উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংছ’, হামৰেন নগৰ সমিতিৰ ৱাৰ্ড কমিচনাৰ বীৰেন তিচ্ছ’ৰ লগতে মীন বিভাগৰ বিষয়ববীয়া আৰু স্থানীয় লোক উপস্থিত থাকে। উক্ত অনুষ্ঠানত উপস্থিত থকা মীন পালক আৰু ৰাইজক উদ্দেশ্যি কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙে কয় যে খেতিয়ক ৰাইজৰ বাবে কৃষি কাৰ্য্যৰ উপৰি উপাৰ্জনৰ অন্য এক অন্যতম উৎস হৈছে মীন পালন কাৰ্য্য। অন্যান্য কৃষি কাৰ্য্যৰ সমান্তৰালকৈ খেতিয়ক ৰাইজে মীন পালন তথা মৎস্য উৎপাদন কৰি নিজৰ উপাৰ্জন বৃদ্ধি কৰিব পাৰে। আৰু এনে বহুমুখী উপাৰ্জনে কৃষকৰ আৰ্থিক সমস্যা আৰু দীনতা দূৰ কৰে লগতে গঞা খেতিয়ক ৰাইজক স্বাৱলম্বী হোৱাত সহায় কৰে বুলি মন্তব্য কৰে তিমুঙে। ইফালে মুখ্য অতিথি ৰূপে অনুষ্ঠানত উপস্থিত থকা  কাৰ্বি পৰিষদৰ মীন বিভাগৰ বিভাগীয় কাৰ্যবাহী সদস্য ৰূপছিং তেৰণেও প্ৰকাশ কৰে যে প্ৰত্যেক বছৰেই কাৰ্বি পৰিষদৰ পৰিষদীয় মুঠ ২৬ টাকৈ সমষ্টিতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধীনৰ মীন বিভাগে এনেদৰে মাছৰ পোনা বিতৰণ কৰি আহিছে। আৰু এই বৰ্ষতো প্ৰত্যেকটো সমষ্টিত মীন পালকৰ মাজত সমষ্টি প্ৰতি এক লাখকৈ মাছৰ পোনা বিনামূলীয়কৈ বিতৰণ কৰিব বুলি প্ৰকাশ কৰে তেৰণে। এনেবোৰ গুৰুত্বপূৰ্ণ মন্তব্যৰ পাছতেই উল্লেখিত সমষ্টিটোৰ অন্তৰ্গত থকা মীন পালকৰ মাজত আমন্ত্ৰিত অতিথিৰ জৰিয়তে বিনামূলীয়া মাছৰ পোনা বিতৰণ কৰে কাৰ্বি আংলং মীন বিভাগে।

Related Articles

Leave a Reply

Close