অসম

পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰত অগ্নিকাণ্ড

প্ৰথম খবৰ, কণক দেউৰী, খেৰণি:পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰত অগ্নিকাণ্ড। খেৰণি থানা অন্তৰ্গৰ ঠাকুৰবাৰী গাঁৱৰ বাসিন্দা লেখ বাহাদুৰ মিশ্ৰৰ বাসগৃহত সংঘটিত হৈছে এই ঘটনা। ৰাতিপুৱাৰ ভাগত সংঘটিত হোৱা এই অগ্নিকাণ্ডত এন আৰ চিৰ নথি পত্ৰ, ভোটাৰ পৰিচয় পত্ৰ, মাটিৰ কাগজ আদি যাৱতীয় নথি পত্ৰ, আ-অলংকাৰ ভস্মীভূত হোৱাৰ লগতে আচবাব, কাপোৰ আদি জ্বলি বিনষ্ট হয় পৰিয়ালটোৰ। অগ্নিকাণ্ডৰ সূত্ৰপাত কিদৰে ঘটে তাৰ কাৰণ এতিয়ালৈকে জানিব পৰা নাই। উল্লেখযোগ্য যে ঘটনাৰ পিছতো আৰক্ষী-প্ৰশাসনৰ কোনো লোক উপস্থিত হোৱা নাই ঘটনাস্থলিত। স্থানীয় লোক আৰু পৰিয়ালটোৰ তৎপৰতাত অগ্নিকাণ্ডই ভয়াৱহ ৰূপ লোৱাৰ পূৰ্বেই জুই নুমুৱাবলৈ সক্ষম হয়

Related Articles

Leave a Reply

Close