অসমশীৰ্ষ

প্ৰাপ্যৰ পৰা বঞ্চিত সৈনিকৰ পত্নী।দুধনৈত অনুষ্ঠিত সভাত উচুপি উঠিল প্ৰাক্তন সেনাৰ বিধবা পত্নী,

প্ৰথম খবৰ, দুধনৈ,ভবেশ চন্দ্ৰ ভাগৱতী ৪ আগষ্ট :গোটেই জীৱন দেশৰ হকে যুঁজ দি শ্বহীদ হোৱা আৰু অৱসৰৰ পিছত মৃত্যু বৰণ কৰা সৈনিকৰ পত্নী বা পৰিয়ালৰ সদস্য সকল এতিয়া বঞ্চিত হৈছে প্ৰাপ্যৰ পৰা ৷ বিভাগীয় কাৰ্যলয়ত গ’লে পায় চৰম অপমান। যাৰ ফলত বহু সুবিধাৰ পৰা বঞ্চিত এতিয়া সৈনিকৰ বিধৱা পত্নী সকল। যোৱা ৩ জুলাইত দুধনৈ জনমন্দিৰ প্ৰাংগণত জিলা সৈনিক কল্যাণ কাৰ্যালয়ৰ” উদ্যোগত সৈনিকৰ বিধৱা পত্নী সকলৰ এখন সভা অনুষ্ঠিত হয় । এই অনুষ্ঠানতেই সৈনিকৰ পত্নী সকলে বিভিন্ন অভিযোগ আনে বিভাগীয় কতৃপক্ষৰ বিৰুদ্ধে। বিভিন্ন সা-সুবিধাৰ পৰা এতিয়া বঞ্চিত এই সকল বিধৱা ৷ গুৱাহটীস্থিত কাৰ্যালয়লৈ গ’লে এই সকল বিধৱাক কৰে বহু অপমান ৷ “আধাৰ কাৰ্ড, মেডিকেল কাৰ্ডকে ধৰি যিবোৰ সুবিধা এই সকল দুৰ্ভগীয়া বিধৱাই পাৱ লাগে , সেয়া লাভ কৰাত ব্যৰ্থ হৈছে ৷ প্ৰাক্তন সেনা জোৱান সকলৰ পত্নী, দেশ ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ জোৱান সকলৰ বীৰপত্নী সকলক সম্বোধন কৰি জিলা উপায়ুক্ত বৰ্ণালী ডেকাই বীৰ শ্বহীদ জোৱান সকলৰ আত্মত্যাগক শ্ৰদ্ধাৰে শ্মৰণ কৰে৷ লগতে প্ৰাক্তন সেনা জোৱান সকলৰ পত্নী সকলে ভোগ কৰি অহা সমস্যা সমুহ সমাধান কৰাৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰা হব বুলি কয়৷ আনহাতে অনুষ্ঠানত গুৱাহাটী লাচিত নগৰস্থিত সৈনিক কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক ব্ৰিগেডিয়াৰ যোশী নাৰায়ন দত্ত জি ডিয়ে উপস্থিত থাকি শ্বহীদ বীৰ জোৱান সকলৰ বীৰ পত্নী সকলৰ বিভিন্ন সমস্যা সমুহৰ কথা ভালদৰে শুনি এই সমস্যাবোৰ

অতি সোনকালে সমাধান কৰা হ’ব বুলি আশ্বাস দিয়ে ৷ শ্বহীদ পত্নী সকলৰ মেডিকেল কাৰ্ড, আধাৰ কাৰ্ডৰ সমস্যা সমুহ অতি সোনকালে সমাধান কৰিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷ আনহাতে প্ৰাক্তন সৈনিক ধবান ৰাভাই আঁত ধৰা অনুস্থানত গোৱালপাৰা জিলা সৈনিক কল্যাণ কাৰ্যালয়ৰ সভাপতি নিবাৰণ ৰায় সহ কেবাগৰাকী প্ৰাক্তন সেনা জোৱান উপস্থিত থকাৰ উপৰিও দেশ ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া তিনি গৰাকী সৈনিকৰ বিধবা বীৰপত্নী, এগৰাকী আহত সেনা জোৱানৰ পত্নী আৰু অৱসৰ প্ৰাপ্ত সৈনিক সকলৰ পত্নী সকল উপস্থিত থাকে৷

Related Articles

Leave a Reply

Close