অসম

পৰিৱৰ্তিত দিনৰ পৰিৱৰ্তিত ঘটনা। ৰাইজে ধন তুলি মেৰামতি কৰিলে জিৰণি কোঠা

প্ৰথম খবৰ,মঙলদৈ:মঙ্গলদৈ চহৰৰ পৰা ছয় কিলোমিটাৰ উত্তৰে কলাইগাওঁ দিশত মঙলদৈ ভুটীয়াচাং পথত অধমাপাৰা গাঁৱত আজি ১৫ বছৰ আগতে সেই সময়ৰ চমুৱাপাৰা পঞ্চায়তৰ আঞ্চলিক সদস্য হেমন্ত কুমাৰ বৰুৱাই নিৰ্মাণ কৰিছিল এটি যাত্ৰী জিৰনী কোঠা আৰু এটি ৰাজহুৱা প্ৰস্ৰাৱগাৰ। কিন্তু পৰিতাপৰ বিষয় যে বিগত সময়ছোৱাৰ পৰা বৰ্তমানলৈ উক্ত জিৰণিকোঠা আৰু প্ৰস্ৰাৱগাৰৰ কোনো আধুনিকীকৰণ বা মেৰামতি নহ’ল। ৰ’দ আৰু বৰষুণৰ পৰা হাত সাৰিব বিচাৰি পথাচাৰী যাত্ৰীসকলে জিৰণিকোঠাত জিৰণি ল’ব বিচাৰিলে ফুটা টিঙে আৰু ভগাঘৰে অলপো নিৰাপত্তা দিব নোৱাৰে। পথাচাৰীৰ দুৰাৱস্থা দেখি গাঁওবাসী ৰাইজৰ মনত দুখ লাগে। তাৰপিছত ৰাইজে সন্মানীয় জনপ্ৰতিনিধি বিধায়কৰ সহায় বিচাৰে। কিন্তু বিধায়ক উন্নয়ন পূঁজিৰে জিৰণি কোঠা বনাবলৈ হ’লে বনাবলগীয়া স্থানৰ মাটিৰ কাগজপাতিৰ প্ৰয়োজন । কিন্তু আমাৰ অধমাপাৰাত তেনে চৰকাৰী মাটি নথকাত চৰকাৰীভাবে জিৰণি কোঠা বনাব পৰা নাযায় । সেয়ে পুৰণি যিটো গৃহ আছে তাৰে টিন খিনি নতুনকৈ লগাই গাঁৱবাসীয়ে সকলোৰে পৰা সামান্য অনুদান সংগ্ৰহ কৰি মেৰামতি কৰে। ৰাইজৰ সংগৃহীত ধনেৰে জিৰণি কোঠাৰ নতুন টিনপাত আৰু কাঠ লগোৱা হয় লগতে যাত্ৰী বহা ষ্টেপকেইটাও মেৰামতি কৰা হয়। ৰাইজে মেৰামতি কৰা জিৰণিকোঠা এয়াই হয়তো প্ৰথম উদাহৰণ ।

Related Articles

Leave a Reply

Close