অসম

বহিৰাজ্যত কৰ্ম সংস্থাপন বিচাৰি যোৱা শিৱসাগৰৰ যুৱক নিৰুদ্দেশ

প্ৰখম খবৰ ,শিৱসাগৰ:জাতি মাটি ভেটিৰ কথা কোৱা সৰ্বানন্দ সোনোৱাল নেতৃত্বধীন বিজেপি চৰকাৰখনে ৰাজ্যৰ নিবনুৱা সকলক কৰ্মসংস্থাপন দিয়াৰ ক্ষেত্ৰত যি প্ৰতিশ্ৰুতি দিছিল সেয়া যেন প্ৰতিশ্ৰুতিয়েই হৈ ৰ’ল। বিগত সময়ত ভয়াৱহ ৰূপ ধাৰণ কৰিছে নিবনুৱা সমস্যাই। দিনক দিনে বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা। চৰকাৰী তথ্য মতে ৰাজ্যত বৰ্তমান ২০ লাখৰো অধিক পঞ্জীয়ণ ভুক্ত নিবনুৱা আছে। বৰ্তমান সময়ত চৰকাৰৰ পৰা সংস্থাপনৰ আশা বাদ দি ৰাজ্যৰ বহু যুৱক যুৱতী বৰ্হিৰাজ্যলৈ গৈছে কৰ্মসংস্থাৰন বিচাৰি। বৰ্হিৰাজ্যত মালিক পক্ষৰ শোষণ আৰু অত্যচাৰৰ বলি হৈ বহু যুৱকৰ মৃত্যু হোৱাৰ লগতে বহু যুৱক নিৰুদ্দেশ হোৱাৰ ঘটনা পোহৰলৈ আহিছে।

বহিৰাজ্যত কৰ্ম স্থাপন বিচাৰি যোৱা এজন যুৱক আধাবাটতে সন্ধানহীন হোৱা এক ঘটনা পোহৰলৈ আহিছে। শিৱসাগৰৰ আখৈফুটীয়াৰ ২ নং চাউলকৰা গাঁৱৰ নিবাসী পুনেশ্বৰ দাস আৰু সৰুছোৱালী দাসৰ দুই পুত্ৰ ক্ৰমে লক্ষীনাথ দাস আৰু আকাশ দাসে যোৱা মাহত কোম্পানী এটাত কাম কৰিবলৈ তামিলনাডুলৈ ৰেলেৰে গৈছিল। গৈ থকা অৱস্থাত উৰিষ্যাৰ ভদ্ৰা ষ্ট্যেচনত ৰেলখন ৰখোৱাত ৰেলৰ পৰাই আকাশ দাস নিৰুদ্দেশ হয়। লগত থকা ককায়েক লক্ষীনাথ দাসে ভদ্ৰা ষ্ট্যেচনত বিচাৰি চলাথ কৰে যদিও ভাতৃ আকাশৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম নহল। ৰেল আৰক্ষী আৰু স্থানীয় আৰক্ষীক জনায় যদিও আকাশৰ সন্ধান উলিওৱাত ব্যৰ্থ হয়। ইফালে যাত্ৰাৰ সময়ত আকাশৰ মোবাইলত চাৰ্জ নথকাৰ বাবে মোবাইল ফোনটো অফ হৈ আছিল আৰু আজি পৰ্যন্ত আকাশৰ ফোনটো অফ হৈ আছে। লক্ষীনাথে লগে লগেই আকাশ নিৰুদ্দেশ হোৱাৰ খবৰ শিৱসাগৰৰ ঘৰত জনায় আৰু ঘৰৰ মানুহ উপস্থিত হয়গৈ উৰিষ্যাৰ ভদ্ৰা নামৰ ঠাইত। স্থানীয় আৰক্ষীৰ লগতে পৰিয়ালৰ লোকেও অঞ্চলটোৰ বিভিন্ন স্থানত আকাশক বিচাৰে যদিও কোন সন্ধান নাপালে আকাশৰ।
শেহতীয়াকৈ যোৱা ৬ আগষ্টত পৰিয়ালটোৱে শিৱসাগৰ আৰক্ষীৰ কাষ চাপে আৰু এখন এজাহাৰ দাখিল কৰে যদিও শিৱসাগৰ আৰক্ষীয়েও কোনো শুংসুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই শিৱসাগৰ আৰক্ষী।
যদি কোনো লকে আকাশৰ সন্ধান লাভ কৰে তেন্তে ৬০০১০৮৫৩৭৫ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

Related Articles

Leave a Reply

Close