Uncategorized

বিভাগীয় অতিথিশালা নিৰ্মাণৰ আধাৰশিলা স্থাপন পশ্চিম কাৰ্বি আংলঙত

প্ৰথম খবৰ,খেৰণি:পশ্চিম কাৰ্বি আং তথা বৈঠালাংছ’ শ  সমষ্টিৰ অন্তৰ্গৰ জেংখাত আজি আনুষ্ঠানিকভাৱে বিভাগীয় অতিথিশালা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। ২০১৯-২০  বিত্তীয় বৰ্ষৰ এ এ পি আঁচনিৰ যোগেদি ১ কোটি ৫১ লাখ ৭৭ হাজাৰ টকা ব্যয় নিৰ্ধাৰণেৰে কাৰ্বি আংলং জলসিঞ্চন বিভাগৰ অধীনত জেংখাত নিৰ্মাণ হব এই বিভাগীয় অতিথিশালা। উল্লেখযোগ্য যে আয়োজিত আধাৰশিলা স্থাপন অনুষ্ঠানত ডিফু লোকসভা সমষ্টিৰ সাংসদ হৰেনছিং বে’, কাৰ্বি পৰিষদৰ বিভাগীয় কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুং, পৰিষদীয় সদস্য ৰিচাৰ্ড টকবি’, প্ৰাক্তন বিধায়ক বিদ্যাছিং ইংলেং, বিভাগীয় বিষয়ববীয়াৰ লগতে স্থানীয় লোক উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত ৰাইজক সম্বোধন কৰি কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে কাৰ্বি পৰিষদীয় হামৰেন সমষ্টিত সু ব্যৱস্থাপূৰ্ণ অতিথিশালাৰ বিশেষভাৱে প্ৰয়োজন আছিল। ফলস্বৰূপে ৰাইজৰ বৃহৎ স্বাৰ্থত আৰু ৰাইজৰ অভাৱ পূৰণৰ লক্ষ্যৰে জেংখাত অতিথিশালা নিৰ্মাণৰ সিদ্ধান্ত লৈছে কাৰ্বি পৰিষদে। আৰু এনেদৰে ক্ৰমানুযায়ী সমগ্ৰ পাহাৰীয়া জিলাখনৰ বিভিন্ন প্ৰান্তত বিভিন্ন অভিলাষী আঁচনি ৰূপায়নেৰে কাৰ্বি আংলঙৰ সৰ্বাংগীন উন্নয়ন সাধন কৰিব আৰু কৰা হব বুলি মন্তব্য কৰে ৰংহাঙে।

Related Articles

Leave a Reply

Close