অসমবিনোদন

ভ্ৰাম্যমানৰ সাধক নৃপেন ভট্টক শিল্পী পেন্সন

প্ৰথম খবৰ, প্ৰাঞ্জল শৰ্মা,নলবাৰী ,২৩ আগষ্ট- – অৱশেষত চৰকাৰৰ সু দৃষ্টি পৰিল ভ্ৰাম্যমান থিয়েটাৰৰ আঁৰৰ শিল্পী নৃপেন ভট্টৰ ওপৰত। আজি সংবাদ মাধ্যমেৰে মতবিনিময়ত তেওঁ অৱগত কৰে যে শিল্পী পেন্সনাৰ হিচাপে ৰাজ্য চৰকাৰে স্বীকৃতি দিয়াত সন্তোষ প্ৰকাশ কৰে আৰু চৰকাৰক শ্ৰমৰ মৰ্যদা প্ৰদান কৰাই কৃতজ্ঞতা জ্ঞাপন কৰে । উল্লেখ্য যে এইগৰাকী মহান শিল্পীক চৰকাৰে প্ৰদান কৰিলে শিল্পী পেঞ্চন। জীৱনৰ ৩৮ বছৰ কাল ভ্ৰাম্যমান থিয়েটাৰৰ স্মাৰক, প্ৰতিনিধি আৰু সম্পাদকৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি নৃপেন ভট্টই থিয়েটাৰক আজিৰ “সাংস্কৃতিক উদ্যোগ” হিচাপে প্ৰতিষ্ঠা কৰাত বহুজনৰে এজন হৈ অহোপুৰুষাৰ্থ কৰিছিল। বৰ্তমান ৭০ বছৰীয়া এইগৰাকী শিল্পী শাৰীৰিক অসুস্থতা হেতু তেওঁৰ প্ৰাণৰ আপোন ভ্ৰাম্যমানৰ পৰা আঁতৰি থাকিলেও বহু উল্লেখনীয় স্মৃতিয়ে তেওঁক সততে আমনি কৰে। ভ্ৰাম্যমান থিয়েটাৰ বাণিজ্য আৰু বিপননৰ মূল মানুহ প্ৰযোজকৰ পাছতে সম্পাদক-প্ৰতিনিধিৰ গুৰু দায়িত্ব। অসমৰ ইমূৰ সিমূৰ ক্লান্তিহীন ভাবে ঘূৰি ফুৰি নৃপেন ভট্টই সেই দায়িত্ব সুচাৰুৰূপে পালন কৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ অবিচ্ছেদ্য অংশত পৰিণত হৈছিল, তাৰ লগতে আখৰা আৰু মঞ্চায়নৰ সময়ত নাটকৰ স্মাৰক হিচাপে দায়িত্ব পালন কৰি অভিনেতা অভিনেত্ৰী সকলক সহযোগ কৰিছিল। বৰ্তমান নলবাৰীৰ বালিতাৰাস্থ গৃহত অতীত স্মৃতি সুঁৱৰি ভট্টই ৰতন লহকৰ, কৃষ্ণ ৰয়, ভবেন বৰুৱা, প্ৰণৱ শৰ্মা, দেৱদাস আদি শিল্পীৰ সান্নিধ্যৰ কথা সজল নয়নে এই প্ৰতিবেদকৰ আগত বৰ্ণনা কৰে। ১৯৭২ চনত পূৰ্বজ্যোতি থিয়েটাৰত ব্যৱস্থাপক হিচাপে যোগদান কৰিছিল শিল্পী জনে। সেই সময়তে প্ৰখ্যাত অভিনেতা ফণী শৰ্মাৰ সতে কটোৱা মধুৰ দিনবোৰৰ কথা উল্লেখ কৰে। পৰবৰ্তী সময়ত ৰূপকোঁৱৰ থিয়েটাৰত স্মাৰক তথা অভিনেতা হিচাপে যোগদান কৰে। সেই বর্ষতে সান্নিধ্য লাভ কৰে – পোহৰ সম্ৰাট কল্যান দে, অভিনেত্ৰী পুষ্পা দেৱী, মিনা কুমাৰী, আৰাধনা দে আদিকে ধৰি কেবা গৰাকীও প্ৰখ্যাত শিল্পীৰ। তাৰ পিছত অধুনালুপ্ত গোৱালপাৰাৰ পৰা আত্মপ্ৰকাশ কৰা বৃহৎ থিয়েটাৰ গোষ্ঠী লখিমী থিয়েটাৰত সংযোজক প্ৰযোজকৰ দায়িত্ব বহন কৰে। লখিমী থিয়েটাৰত অভিনয় শিল্পী হিচাপে চুক্তিবদ্ব কৰে সুৰেন মহন্ত, বিজু ফুকন আদিক। নৃপেন ভট্টই জানিব দিয়া মতে সেই বর্ষতে নলবাৰী হৰিমন্দিৰৰ আমন্ত্ৰণ ক্ৰমে ৰাস মহোৎসৱত লখিমী থিয়েটাৰে বিশাল সাফল্যৰ নাট মাঞ্চয়ন কৰে। যিখন খেল পথাৰত ১৯৭৬-৭৭ চনত থিয়েটাৰে নাট মঞ্চস্থ কৰিছিল সেই খেল পথাৰখন আজিও “লখিমী পথাৰ” হিচাপেই বিখ্যাত হৈ থিয়েটাৰৰ স্মৃতি বহন কৰি আছে। পৰৱৰ্তী সময়ত ভট্টই আৱাহন, ভাগ্যদেৱী, সুৰদেৱী, নন্দিনী, শংকৰদেৱ আৰু মাধৱদেৱ থিয়েটাৰত সম্পাদক প্ৰতিনিধি হিচাপে কাম কৰে। ভালেমান গল্প, কবিতা আদিৰ স্ৰষ্টা ভট্ট অসমৰ ভ্ৰাম্যমাণত প্ৰথন ৰঙীন পোষ্টাৰৰ সৃষ্টি কৰিছিল। অসুস্থতাৰ হেতু ভ্ৰাম্যমানী জীৱন কটাবলৈ অপাৰগ হোৱা নৃপেন ভট্টই অতীত দিনবোৰৰ ৰোমন্থনেৰে সময় পাৰ কৰিছে যদিও কৰ্মজীৱনৰ পৰা অৱসৰ লোৱা নাই। তেওঁ নিজ গৃহৰ ২৫ বছৰীয়া বাসন্তী দূৰ্গা পূজা প্ৰতিবছৰে অনুষ্ঠিত কৰি আছে। পূজাৰ সময়ত প্ৰতিবাৰেই ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। এইগৰাকী শিল্পীক শিল্পী চৰকাৰে পেঞ্চন দিয়াত স্থানীয় বিধায়ক অশোক শৰ্মা,নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, নলবাৰীৰ সাংস্কৃতিক কৰ্মী ডাঃ শুভ্ৰকিংকৰ গোস্বামী অলকেশ মল্ল বৰুৱা,শিল্পী অমৰ কিৰণ,গোকুল মহন্ত,
কৌতুক শিল্পী জীতেন ডেকাকে ধৰি বৌদ্ধিক সাংস্কৃতিক সমাজ উৎফুল্লিত হৈ পৰিছে।

Related Articles

Leave a Reply

Close