অসম

মঙলদৈত স্বাধীনতা দিৱস উদ্‌যাপন, শিল্পী সাহিত্যিকক সম্বৰ্ধনা

প্ৰথম খবৰ, অশ্বিনীকুমাৰ শৰ্মা,মঙলদৈ: মঙলদৈ সদৰৰ কাছাৰী ময়দানত ৰাষ্ট্ৰৰ ৭৩তম স্বাধীনতা দিৱস উদ্‌যাপন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতা ৷বিশিষ্ট অতিথিৰ ভাষণত মন্ত্ৰী গৰাকীয়ে কয়,যে অসমৰ যিবোৰ সত্ৰ বৰ্তমান দখলী কৃত হৈ আছে ,সেইবোৰ তৎকালীন কৈ বেদখল মুক্ত কৰা হব৷এ আৰ চি ৰ কাম বোৰ সম্পূৰ্ণ হোৱাৰ পিছতে এই কাম হাতত লোৱা হব ৷ আন হাতে দৰং জিলাক ৰেল পথ সংযোগ ,ৰাষ্ট্ৰীয় পথ টিৰ বাইপাচৰ কাম উন্নীত কৰণৰ কামো অচিৰেই কৰা হব ৷ মন্ত্ৰী জনাই ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছতেই উপায়ুক্তৰ কাৰ্যলয় প্ৰাঙ্গণত থকা জাতি পিতা মহাত্মা গান্ধীৰ প্ৰতিমুৰ্তিত মাল্যবৰণ কৰে আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমুৰ্তিত মাল্যাবৰন কৰে ৷অনুষ্ঠানত জিলা উপায়ুক্ত ঘনশ্যাম দাসৰ উপৰিও প্ৰশাসনিক বিষয়া আৰু মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস ,সাংসদ দিলীপ শইকীয়া ,বিধায়ক বিনন্দ শইকীয়া ৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয় ববীয়াও উপস্থিত থকা সভাতেই জিলাৰ বহু কেইগৰাকী ব্যক্তিক সম্বৰ্ধনা দিয়া হয় ৷সাংবাদিক গগন চহৰীয়া , সাহিত্যিক ইদ্দিছ আালী পদ্মশ্ৰী বটাঁপ্ৰাপ্ত ডা°ইলিয়াছ আলি সাহিত্যএকাডেমি প্ৰাপক ড°সঞ্জীৱ পল ডেকা কো সম্বৰ্ধনা জনোৱা হয় প্ৰশাসনৰ তৰফৰ পৰা ৷এইবাৰ তিনিদিনীয়া কৈ অনুষ্ঠিত কৰা কাৰ্যসুচীত স্বচ্ছতা অভিযান ,

ধপাত বিৰোধী কাৰ্যসুচী ,ৰক্তদান শিবিৰ ,বাটৰ নাট প্ৰদৰ্শন ,ৰছনা,চিত্ৰাংকন কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় ৷মুঠতে জিলা প্ৰশাসনে বিশেষ আৰম্বৰপূৰ্ণ ভাবে স্বাধীনতা দিৱস টি উদ্‌যাপন কৰা দেখা যায় ৷

Related Articles

Leave a Reply

Close