অসম

মঙলদৈ অসামৰিক চিকিৎসালয়ত ব্লাড পৰীক্ষাৰ নামত বহুৱালি

প্ৰথম খবৰ,মঙলদৈ:দৰং জিলাত চিকিৎসা সেৱাৰ নামত সঘনাই ৰোগীক যমৰ যন্ত্ৰণা ভোগাই ৰাইজৰ ৰোষত পৰি থকা মঙলদৈ অসামৰিক চিকিৎসালয়ত পুনৰ তেজ পৰীক্ষা কৰাৰ নামত চৰম বহুৱালিৰে ভুক্তভোগী ৰোগীৰ লগত হেতালিখেলাৰ অভিযোগ উথাপন হৈছে। । প্রাপ্ত তথ্য মতে মঙলদৈ আৰক্ষী থানাৰ অন্তৰ্গত বৰঙাবাৰী দাহা চুবুৰী গাৱৰ ধৰ্ম দাসৰ ন বিবাহিতা পত্নী আশাৰানী দাসৰ প্ৰসূতি ৰোগ জনিত কাৰনত তেজ পৰীক্ষা কৰিবলগীয়া হয় । চিকিৎসকৰ পৰামৰ্শ মৰ্মে ধৰ্ম দাসে প্ৰথমে চমুৱাপাৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পত্নীৰ তেজ পৰীক্ষা কৰোৱাই বি পজিটিভ নিৰ্দ্ধাৰিত হয় । কিন্তু স্বামীৰ সন্দেহ ওপজাত ৪ জুলাইৰ পৰীক্ষাৰ পিছত পুনৰ ৭ জুলাইত মঙলদৈ অসামৰিক চিকিৎসালয়ৰ মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্নায়ক সেৱাত পত্নীৰ তেজ পৰীক্ষা কৰাই এইবাৰ লাভ কৰে বি শেগেটিভ । সেৱা কেন্দ্ৰৰ বিষয়া ৰমেন ডেকা স্বাক্ষৰিত পত্ৰত পত্নীৰ বি নেগেটিভ তেজ দেখি চিন্তিত হৈ সেইদিনাই মঙলদৈ চহৰৰ এখন ব্যক্তিগত লেবৰেটৰীত আকৌ পত্নীৰ তেজ পৰীক্ষা কৰি পুনৰ বি পজিটিভ ওলোৱাত ওলাই পৰে জোলোঙা মেকুৰী । একমাত্র চিকিৎসক তথা দায়িত্বত থকা বিষয়াৰ গাফিলতিৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ দৰং জিলা সমিতিৰ উপ সভাপতি আশ্ৰফ আলিয়ে অভিযোগ তুলি এক তদন্তৰ জৰিয়তে চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনোৱাৰ লগতে মঙলদৈৰ সাংসদ দীলিপ শইকীয়া আৰু বিধায়ক বিনন্দ কুমাৰ শইকীয়াক সাক্ষাত কৰি এই অভিযোগ দাখিল কৰে ।পৰৱৱৰ্তী সময়ত সাংসদ আৰু বিধায়ক গৰাকীয়ে কি পদক্ষেপ গ্রহন কৰে সেয়াহে হব লক্ষণীয় |ইপিনে আন এক অভিযোগ অনুসৰি স্বাস্থ্য বিভাগৰ বিষয়া সকল নিজৰ কাৰ্যালয়ত থকাৰ বিপৰীতে সঘনাই হোৱা সভা সমিতিত ব্যস্ত থকাক লৈয়ো বিপাঙত পৰিছে বিভিন্ন কামত অহা ভুক্তভোগী ৰাইজ |

Related Articles

Leave a Reply

Close