অসম

মণিপুৰৰ ইম্ফলত অনুস্থিত নর্থ ইষ্ট জিন্মাষ্টিক প্রতিযোগিতাত শিৱসাগৰলৈ সুখবৰ

প্ৰথম খবৰ ,শিৱসাগৰ: মণিপুৰৰ ইম্ফলত অনুস্থিত হোৱা নর্থ ইষ্ট গেমছত আৰষ্টিটিক,এৰ’বিক জিন্মাষ্টিক প্ৰতিযোগিতাত শিৱসাগৰলৈ সুখবৰ কঢ়িয়াই আনিলে শপ্তাদু শৰ্মা আৰু অভিৰোপ খঙীয়াই।

প্রতিযোগিতালৈ শিৱসাগৰৰ পৰা মুঠ ১৮ গৰাকী প্ৰতিযোগী ৰাওনা হৈছিল।
পোন প্ৰথমবাৰৰ বাবে নিমন্ত্ৰণী খেল হিচাপে নর্থ ইষ্ট গেমছত সন্নিৱিষ্ট হোৱা এৰ’বিক জিন্মাষ্টিক প্রতিযোগিতা খনত শিৱসাগৰৰ দলটি ১১ গৰাকী কৈ খেলুৱৈয়ে পুৰস্কাৰ পায় শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে।
উল্লেখ‍্য যে যোৱা ১০ আৰু ১১ আগষ্ট তাৰিখে মণিপুৰৰ ইম্ফলত অনুস্থিত হোৱা জিন্মাষ্টিক প্রতিযোগিতাত ৭ বছৰ বয়সৰ পৰা ১৭ বছৰ পৰ্য্যন্ত বয়সৰ প্রতিযোগিয়ে অংশগ্ৰহণ কৰিছিল।
নর্থ ইষ্টৰ ভিতৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভালেসংখ্যক প্রতিযোগিয়ে অংশগ্ৰহণ কৰাৰ উপৰিও অন্য ৰাজ‍্যপৰাও মণিপুৰৰ ইম্ফলত আৰষ্টিটিক,এৰ’বিক জিন্মাষ্টিক প্রতিযোগিতাত অংশগ্ৰহণ কৰিছিল। উক্ত খেলখনত ১০ বছৰ বয়সৰ তলৰ প্ৰতিযোগিতাত নর্থ ইষ্টৰ ভিতৰত শপ্তাদু শৰ্মা আৰু অভিৰোপ খঙীয়াই দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰি শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। এই সাফল‍্যত শিৱসাগৰবাসীয়ে আনন্দ প্ৰকাশ কৰাৰ লগতে দুয়োগৰাকী খেলুৱৈ ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰিছে। লগতে উক্ত শিৱসাগৰৰ খেলুৱৈ দলটি মূখ্য প্ৰশিক্ষক কৌস্তৱ কাশ‍্যপ গগৈলৈ ও অশেষ ধন্যবাদ জনাইছে।

Related Articles

Leave a Reply

Close