মহিলাযুৱ

মনৰ নিজানত

মৌচুমী বৰিৰ ধাৰাবাহিক উপন্যাস

প্ৰথম খণ্ড

গধূলিৰ নামি অহা এন্ধাৰখিনিৰ মাজত বহি আছে কাকলি ৰাজনন্দিনী৷ হু হু শূন্যতাৰ এন্ধাৰখিনিয়ে আগুৰি আছে তাইক৷ যি খিনি এন্ধাৰৰ লগত তাইৰ আছিল নিবিড় আত্মীয়তা আজি সেই এন্ধাৰে যেন তাইক ভেঙুছালি কৰিছে, তথাপি তাই বহি আছে এন্ধাৰৰ মাজত এৰি থৈ অহা সময়ৰ স্মৃতি সুঁৱৰি৷বুকুত তাইৰ বিষাদৰ এজাক কপৌ!!
এনেকুৱা বহু গধূলী পাৰ কৰিছে তাই বিক্ৰমৰ লগত৷ দুকাপ চাহৰ চুমুকেৰে ঘৰৰ বেলকনিত ধুনীয়া গধূলীবোৰ পাৰ হৈছিল বিক্ৰমৰ লগত৷ এইসময়ত বিক্ৰমে তাৰ ভাল লগা গীতবোৰ গায় কাকলিক শুনাইছিল৷ বিক্ৰমৰ গীত,কথাবোৰৰ মাজত হেৰাই গৈছিল কাকলি! বিক্ৰমৰ হাতৰ মুঠিত হাত গুজি দুয়ো দূৰলৈ চাই ৰৈছিল একেলগে জীৱনৰ বাট বুলিম বুলি! বিক্ৰমৰ কান্ধত মূৰ থৈ অনুভৱ কৰিবলৈ শিকিছিল তাই পৰম আশ্বাসৰ নিৰাপত্তা৷ এৰা,সমাজত মূৰ তুলি জীয়াই থাকিবলৈ যেন নিৰাপত্তাৰ প্ৰয়োজন !!এখনি উত্তাপিত হাতৰ প্ৰয়োজন যিখন হাতে ওৰেটো জীৱন কাষত থকাৰ প্ৰতিশ্ৰুতি দিয়ে৷বিক্ৰমৰ স’তে কটোৱা সান্নিধ্যবোৰক তাই তেনেকৈয়ে সজাই লৈছিল৷ সজাই ল’বলৈ যত্ন কৰিছিল৷

একমাত্ৰ পুত্ৰ সোনমানু শুই যোৱাৰ পিছত বিক্ৰমে তাইক কোলাত লৈ ধকধকীয়া বগা বিচনাখনত আলফুলে শুৱাই দিছিল আৰু তাইৰ মেঘালী চুলিত হাত বুলাই চকুত চকু থৈ কৈছিল ভালপোৱাৰ কথা ৷ তাৰপিছত দুয়োৰে উশাহ-নিশাহবোৰ এক হৈ পৰিছিল, দুয়ো দুয়োৰে মাজত যেন হেৰাই গৈছিল আৰু দুটি ভাগৰুৱা দেহা অৱশ হৈ পৰিছিল৷বিক্ৰম শুই পৰিছিল তাইক সাৱটি কিন্তু বিক্ৰমক সকলো উজাৰি দিও যেন শুব পৰা নাছিল তাই!!

কম্প্ৰমাইজ!! তাই কম্প্ৰমাইজ কৰিছে নেকি বিক্ৰমৰ লগত!! কৰবাত যেন ৰৈ গৈছিল বিক্ৰম আৰু তাইৰ মাজৰ আত্মিক মুহূৰ্তৰ ব্যৱধান! ! বিক্ৰমে হয়তো সেয়ে মাজে মাজে অনুযোগ কৰে — “তুমি মোক কমকৈ ভালপোৱা!” বিক্ৰমৰ কথা-বতৰাত কেতিয়াবা সন্দেহ প্ৰকাশ পায়!! কাকলিৰ এনে লাগে — বিক্ৰম যেন সংশয়ত থাকে তাৰ অৰ্ধাংগিনীয়ে আন কাৰোবাক ভাল পাই বুলি!! তাইৰ পুৰণি বন্ধু-বৰ্গ ঘৰলৈ আহিলে বিক্ৰমে বেয়া পায়৷ ল’ৰা বন্ধুলৈ ফোন কৰিলে বিক্ৰমে বেয়া পায়৷ বিক্ৰমে বিচাৰে তেওঁক লৈয়ে কাকলি ব্যস্ত হৈ থাকক৷ বিক্ৰমে তাইক কয়– “তুমি এতিয়া এজন ইঞ্জিনীয়াৰৰ পত্নী৷ নিজৰ গাম্ভীৰ্য ৰাখিবা৷ নিজৰ ষ্টেটাছ বজাই ৰাখিবা সমাজত৷ পাতল নহ’বা৷” বিক্ৰমৰ কথাবোৰ মানি লয় তাই৷ নিজৰ আচল ৰূপটো ঢাকি গাম্ভীৰ্যৰ আৱৰণ বোলাই লয় তাই নিজৰ মুখত৷ লগৰবোৰে ৰাস্তাই-পদূলিয়ে লগ পালে কয় — “তই সলনি হ’লি!” গম্ভীৰ হাঁহি এটাৰে সামৰি থয় তাই সকলোবোৰ ৷সঁচাই গম্ভীৰতাৰ মুখা পিন্ধি তাই প্ৰাণখুলি হাঁহিবলৈ পাহৰি যায়!!বিক্ৰম আৰু সোনমানুৰ মাজতে তাইৰ জীৱনৰ মাকো ঘূৰি থাকে৷

বিক্ৰমে ফুৰি ভাল পায়৷ ব্যস্ততাময় কামৰ ফাকে ফাকে বিক্ৰমে প্ৰায়ে ফুৰাবলৈ লৈ যায় কাকলি আৰু দুবছৰীয়া পুত্ৰ সোনমানুক৷ কাকলিৰ মনত পৰে — এবাৰ সিহঁতে কাশ্মীৰ ফুৰিবলৈ গৈছিল৷ কাশ্মীৰৰ ডাল লেকৰ হাউচ ব’টত আছিল সিহঁত!! সন্ধ্যা পৰত বাহিৰৰ বেঞ্চএখনত বহি তাই ডাল লেকৰ সৌন্দৰ্যৰ মাজত মুগ্ধ হৈ আছিল৷ফেৰফেৰীয়া ঠাণ্ডা বতাহেও তাইক আমনি কৰিব পৰা নাছিল৷তেনেসময়তে বিক্ৰমে আহি পিছফালৰ পৰা তাইক সাৱটি ধৰিছিল আৰু সুধিছিল — “লি, এই ঠাণ্ডাখনত বাহিৰত কিয় বহি আছা?”
তাই কৈছিল–“ঠাণ্ডাখিনি অনুভৱ কৰিছো ৷ তুমিও অনুভৱ কৰাচোন! কিমান ভাল লাগিব!! তোমাক ধন্যবাদ, তুমি মোক ভূ-স্বৰ্গ দেখুৱালা!” বিক্ৰমে তাইক দুবাহুৰ মাজত সাৱটি লৈ কৈছিল–” তুমি সপোন দেখিবা আৰু মই তোমাৰ সপোনবোৰ পূৰা কৰিম৷” পিছদিনা পুৱা চিকাৰাত নাৱৰীয়াই ফুল বেছিবলৈ আহিছিল৷ নাৱৰীয়া জনে কাকলিক এথোপা সতেজ ফুল উপহাৰ দিছিল৷

এনেকুৱা এথোপা সতেজ ফুল কাকলিক উপহাৰ দিছিল অংকুশে যিদিনা কাকলিয়ে তাক প্ৰতিভালপোৱাৰ সঁহাৰি দিছিল৷ অংকুশ আছিল তাইৰ ক্লাছফ্ৰেণ্ড৷ তেতিয়া সিহঁত দুটাই হায়াৰ চেকেণ্ডেৰী উত্তীৰ্ণ হৈ বি এত নাম লগাইছে মাথোঁ৷ কাকলি ৰাজনন্দিনীৰ বাবে মনবোৰ পখিলা হৈ উৰাৰ বয়স তেতিয়া!কল্পনাৰ সাগৰত যেন উটি-ভাঁহি ফুৰাৰ বয়স!! অনৰ্গল কথা কৈ থকাৰ বয়স!! বৰষুণ বৰ ভাল পাই তাই!! বৰষুণ এজাক দিলেই অংকুশ কাষত থাকিলে হাতত ধৰি টানি লৈ যায় তাক আৰু তিতি তিতি গুণগুণায়-

চিপচিপ বৰষুণত তিতাৰে পৰা/ ঢিপ ঢিপ বুকুখনি কঁপিছে জানা/কিনো আবেগতে/ মিঠা সুবাসতে/ মন আজি উতলা/ বহাগৰে বতৰা/ ক’তে মৰো মৰো/ ক’তেনো গৈয়ে মৰো/ বুকুখন কঁপিছে/মিঠা আবেগতে …
অংকুশে তাইৰ এই ৰূপ দেখি সৰুকৈ কৈ উঠে– ধ্যেৎ পাগলীজনী!!

অংকুশৰ ঘৰলৈও যায় তাই আৰু অংকুশৰ মাকক পিছফালৰ পৰা সাৱটি ধৰি ভয় খোৱায়!! অংকুশৰ ঘৰখনেও তাইক বৰ মৰম কৰে৷ লাহে লাহে সিহঁত দুটাৰ মিলা-জুলাবোৰ দুয়োখন ঘৰে গম পালে৷ অংকুশৰ ঘৰে তাইক বোৱাৰী কৰিবলৈ মান্তি হৈছিল কিন্তু সমস্যা আহিল কাকলিৰ ঘৰখনৰ পৰাহে৷ চাকৰি-বাকৰি নথকা অংকুশলৈ বিয়া দিবলৈ মান্তি নহয় কাকলিৰ মাক-দেউতাক ৷ অংকুশক লগ কৰিবলৈ মানা কৰে তেওঁলোকে৷ আৰু সেইসময়তে অভিযন্তা বিক্ৰমৰ ঘৰৰ পৰা অহা বিয়াৰ প্ৰপজেলটো তেওঁলোকে গ্ৰহণ কৰে৷ নিজৰ জীয়ৰীৰ পৰা কোনোধৰণৰ মনৰ খবৰ নিবিচৰাকৈ বিক্ৰমৰ লগত বিয়া ঠিক কৰি পেলায় তেওঁলোকে৷ উৰি ফুৰা হিয়াৰ পখিলাজনী হঠাৎ যেন হেৰাই যায়৷ তথাপি তাই মনে মনে অংকুশক লগ কৰে আৰু কয় — ” মোক লৈ যোৱা অংকুশ৷ মই তোমাৰ হাতত ধৰি গুছি যাম!! আমাৰ ভালপোৱাৰ বিচ্ছেদ হ’ব নিদিওঁ৷” কিন্তু অংকুশ হঠাতে দূৰ্বল হৈ পৰে ৷ কাকলিক এতিয়াই বিয়া পতাৰ ব্যৰ্থতা প্ৰকাশ কৰে সি৷ ভালপোৱাৰ বা-মাৰলি জাকক নীৰৱে সাৱটি কোনোদিন চিনি নোপোৱা, অচিন-অজান তাইতকৈ বিশ বছৰে ডাঙৰ বিক্ৰমৰ লগত বিয়াত বহিবলৈ মান্তি হয় তাই৷
তাইৰ বয়স উনৈশ মাথোঁ আৰু বিক্ৰম দুকুৰি চুওঁ চুওঁ কৰা এজন ডেকামানুহ — কাকলিয়ে ভাবে ৷ বয়সৰ ব্যৱধান বেছি হোৱা বাবেও কাকলি ৰাজনন্দিনীৰ মনত অলপ সংকোচ থাকি যায়!! তথাপি তাই ভাবে — সজাই ল’ব সকলোবোৰ৷ মনৰ নাটনিবোৰক নাটনি হৈ থাকিবলৈ নিদিয়ে তাই৷

ফুলশয্যাৰ নিশা বিক্ৰমে যেতিয়া তাইক দুবাহুৰ মাজত সাবটি লয় তাই কিবা এক সংশয়ত নীৰৱ হৈ ৰয়৷ তথাপি তাই সেপঢুকি বিক্ৰমক কয় — “আমি বিয়াৰ তিনিবছৰৰ পিছতহে সন্তানৰ কথা ভাবিম দেই৷ মই প্ৰথমে ডিগ্ৰীটো কমপ্লিট কৰি লওঁ ৷” বিক্ৰমে কাকলিৰ কথাৰ উত্তৰ নিদিয়ে, কাকলিৰ মেলা চুলিত মুখ গুজি শুই যায় তেওঁ৷ আৰু কাকলি ৰাজনন্দিনীৰ তেনে মুহূৰ্ততে মনত পৰে অংকুশলৈ৷ অংকুশে এদিন তাইক গালতে চুমা এটা দিছিল আৰু ভয় খাই তাই অংকুশক কৈ উঠিছিল — “মোৰ যদি পেটত কেচুৱা হৈ যায় অংকুশ!!” কাকলিৰ কথাত অংকুশ হাঁহি হাঁহি বাগৰি পৰিছিল ৷ ছি: কি যে ভাবিছে তাই এনেকুৱা এটা শুভ নিশা!! টোপনি যাবলৈ যত্ন কৰে তাই৷

বিক্ৰমে এদিন তাইক কয় – “লি,মোৰ বচৰ পত্নীয়ে ইমান ধুনীয়াকৈ শাৰী পিন্ধি সজাই পৰাই থাকে, বৰ ধুনীয়া লাগে দেখিবলৈ৷ তুমিও থাকিবাচোন!এতিয়া তুমি মোৰ পত্নী৷ মোৰ সকলো অধিকাৰ তোমাৰ ওপৰত , তোমাক মই মোৰ ভাল লগাৰে সজাই ভাল পাম৷ ” বিক্ৰমৰ কথাত ক্ষুন্ন হয় কাকলি ৰাজনন্দিনী৷ উত্তৰত তাই কয় উঠে– “আনৰ পত্নীয়ে কি পিন্ধে কি নিপিন্ধে সেইয়া চাই ফুৰিবলৈ তোমাৰ কি দৰকাৰ পৰিছে৷ মোৰো নিজস্বতা আছে৷ আনৰ স’তে মোক তুলনা কৰিলে মই বেয়া পাওঁ৷ মোৰোটো ভাল লগা বেয়া লগা থাকিব পাৰে !! এনেকুৱা মনেৰে তুমি সুখী হ’ব পাৰিবা জানো! মই তোমাৰ পত্নী হ’লেও মোৰ নিজৰ মতে জীয়াই থকাৰো অধিকাৰ আছে ৷” কাকলিৰ কথাত যেন বিক্ৰম অলপ আহত হয়৷ মুখেৰে একো নোকোৱাকৈ কোঠাৰ পৰা ওলাই যায় তেওঁ৷ বিক্ৰমৰ এনে ঠেক গণ্ডীৰ মানসিকতা কাকলিয়ে আশা কৰা নাছিল৷ মনটো বেয়া লাগে তাইৰ৷ অংকুশলৈ মনত পৰে ৷ অংকুশে কৈছিল –” তোমাক মই তোমাৰ ধৰণেৰে ভাল পাওঁ৷ তোমাক মই মোৰ মতে সজাই ল’ব নিবিচাৰোঁ৷ তুমি সদায় সুখী হোৱা, শান্তিত থাকা৷ আমি আমাৰ বিশ্বাসৰ ডোলেৰে আমাৰ ভালপোৱাৰ সম্পৰ্কটোক জীয়াই ৰাখিম৷ মই তোমাক সন্দেহ নকৰোঁ, আনে তোমাৰ লগত কথা পাতিলে মই নজ্বলো৷ মই জানো-তুমি সদায় মোৰেই হৈ আছা আৰু মোৰেই হৈ থাকিবা৷”
“অংকুশ, ইমানখিনি কোৱাৰ পিছতো তুমি মোক তোমাৰ জীৱনৰ পৰা আঁতৰাই পঠালা কিয়? চোৱাচোন, বিক্ৰমে মোক সজাত বন্দী পখীৰ দৰে ৰাখিছে৷ উৰিব বিচাৰিলেই পাখী কাটি দিব!!” কাকলিয়ে কথাবোৰ ভাবি চকুৰ পানীৰে গাল তিয়ালে৷

গধূলী বিক্ৰম অফিচৰ পৰা অহাৰ পিছত দুয়োৰে মাজত মৌনতা বিৰাজ কৰিলে ৷অংকুশে কৈছিল– “sorry বুলি ক’লে কোনো সৰু হৈ নাযায়৷ sorry মানে সদ্ভাৱ আৰু শান্তি৷ তুমি মোৰ ওপৰত যিমানেই অভিমান নকৰা মই সদায় আগেয়ে তোমাক sorry কৈয়েই ভাল পাম৷ এইয়া চোৱা কাণত ধৰিছোঁ — sorry, এতিয়াতো অভিমান এৰা মিচ কাকলি ৰাজনন্দিনী! ” অৱশেষত কাকলিয়েও বিক্ৰমক মনাবলৈ অংকুশে কোৱা কথাবোৰ দোহাৰিব খুজিও ৰৈ গ’ল যদিও
মৌনতাৰ যুদ্ধখনৰ অন্ত পেলাবলৈকে কাকলিয়ে বিক্ৰমক sorry বুলি কয় আৰু বিভিন্ন কথাৰে মনাব লগা হয় ৷ মৌনতাৰ যুদ্ধখনত বিক্ৰমে নিজকে জয়ী অনুভৱ কৰে আৰু ভাবে – তেওঁৰ একো ভুল নাছিল৷ ভুল আছিল কাকলিৰ, তেওঁৰ কমবয়সীয়া পত্নী লিৰ ৷

সেইদিনা ৰাতি কাকলিক মৰমেৰে বুৰাই পেলায় বিক্ৰমে আৰু এটি সন্তানৰ প্ৰস্তাৱ দিয়ে ৷
(আগলৈ)

Related Articles

Leave a Reply

Close