অসম

মাজবাটত তিনি দিন ধৰি নিৰুদ্দেশ দুই ছাত্ৰ 

প্ৰথম খৱৰ,গোপাল নাথ ওৰাংঃ-মাজবাট আৰক্ষী থানাৰ অন্তগত লামাবাৰী বজাৰত বজাৰ কৰিবলৈ আহি নিৰুদ্দেশ হৈ আছে দুগৰাকী ছাত্ৰ । যোৱা ২০ আগষ্টতে ছাত্ৰ দুগৰাকীয়ে ঘৰৰ পৰা বিদ্যালয়লৈ আহিছিল তাৰ পাছত একেলগে লামাবাৰী হাটখোলা বজাৰত আহে আৰু তাৰ পাছৰ পৰাই আজিলৈকে সন্ধান নাই ছাত্ৰ দুগৰাকীৰ। ছাত্ৰ দুগৰাকী মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত জিয়াগুৰি(নিজৰাৰ) গাৱঁৰ বিৰন দৈমাৰী আৰু নিজৰা হাংমাপুৰ গাৱঁৰ ৰিনয় বসুমতাৰীৰ পুত্ৰ আগুমা বসুমতাৰী । দুয়োগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰ । দুয়োৰে বয়স ১৩ বছৰ।পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে পিন্ধনত দুয়োগৰাকী ছাত্ৰয়ে বিদ্যালয়ৰ পোছাকত আছে। পৰিয়ালৰ লোকে সম্ভাব্য সকলো স্থানতে বিচাৰিছে যদিও বৰ্তমানলৈকে কোনো সম্ভেদ পোৱা নাই । ছাত্ৰ দুগৰাকীৰ কতো সম্ভেদ নাপাই মাজবাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে । ছাত্ৰ দুগৰাকীৰ সম্ভেদ নাপাই হাহাকাৰ অৱস্থা হৈছে পৰিয়াল দুটাৰ মাজত । কোনো লোকে ছাত্ৰ দুগৰাকীৰ সন্ধান পালে ৭৬৩৬৯৯১২৯৪ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

Related Articles

Leave a Reply

Close