অসমশীৰ্ষ

মৈৰাবাৰী আৰক্ষীৰ সাফল্য।২ দিন পূৰ্বে চুৰি হোৱা গাড়ী উদ্বাৰ

প্ৰথম খবৰ,তাৰিকুল ইছলাম,মৈৰাবাৰী ৫ আগষ্ট যোৱা শনিবাৰে মৈৰাবাৰী ছুম’ ষ্টেণ্ডৰ পৰা AS 02 W 8930 নম্বৰৰ মাৰুতি গাড়ীখন ভাড়া কৰি নি চালকক হত্যাৰ চেষ্টাৰে চুৰি কৰি নিয়া গাড়ীখন আজি মৈৰাবাৰী আৰক্ষীয়ে নগাও চহৰৰ সমীপৱৰ্তী ছলছলিৰ পৰা উদ্বাৰ কৰিবলৈ সক্ষম হয়। মৰিগাও জিলাৰ ভেলৌগুৰী আৰক্ষী থানাৰ অধীনস্থ ৰংৰাই চাপৰিৰ নুৰুল ইছলাম নামৰ এটা গাড়ী চুৰে যোৱা শনিবাৰে মৈৰাবাৰী ছুম’ ষ্টেণ্ডৰ পৰা মাৰুতি গাড়ীখন শহুৰেকৰ ঘৰলৈ বুলি ভাড়া কৰি নিয়াৰ ছলেৰে ধিং থানা এলেকাধীন মাঠখলা নামৰ ঠাইডোখৰত চালক জাকিৰ হুছেইনক ডিঙিত ৰছাৰে মেৰিয়াই হত্যাৰ চেষ্টাৰে গাড়ীখন লৈ উধাও হৈছিল।ঘটনাটোক কেন্দ্ৰ কৰি মৈৰাবাৰীৰ সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল।চুৰি হোৱা গাড়ীখনৰ চালকজনৰ ভাষ্যৰ ভিত্তিত মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অদিত বড়োয়ে অতি দক্ষতাৰে দুই দিনৰ ভিতৰতে চুৰি হোৱা গাড়ীখন উদ্বাৰ কৰিবলৈ সক্ষম হোৱাত সৰ্বসাধাৰন ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।অৱশ্যে আৰক্ষী অহাৰ উমান পাই গাড়ী চুৰি চক্ৰটোৰ মূল অভিযুক্ত নুৰুল ইছলামে পলাই যাবলৈ সক্ষম হয়।আনহাতে অসামাজিক কাৰ্যকলাপ সমূহৰ বিৰুদ্বে স্থানীয় আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহন কৰি থানাখনৰ এলেকাধীন দুৰাবান্দি বিলৰ জাকিৰ হুছেইন (২০),নাজিৰ নগৰৰ আইজুল ইছলাম (৩০) আৰু মৈৰাবাৰী ছিভিল হস্পিতালৰ সমীপৰ ছফিকুল ইছলাম (৩০) নামৰ তিনিটা গভাইত চোৰক আটক কৰি জেৰা অব্যাহত ৰাখিছে ।

Related Articles

Leave a Reply

Close