অসম

মৰিগাঁৱত সদৌ অসম আন্তঃজিলা শক্তি উত্তোলক প্ৰতিযোগিতা 

প্ৰথম খবৰ, ফৰিদুল ইউনুছ, মৰিগাঁও : অসম শক্তি উত্তোলক সন্থাৰ উদ্যোগ মৰিগাঁও জিলা সমিতিৰ সহযোগত মৰিগাঁও জিলা পুথিভঁৰালত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে সদৌ অসম আন্তঃজিলা মুকলি বেঞ্চ প্ৰেছ প্ৰতিযোগিতা৷ অসমৰ ২৫ খন জিলাৰ ২০০ ৰো অধিক খেলুৱৈ অংশগ্ৰহণ কৰে প্ৰতিযোগিতা খনিত৷ মৰিগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰমা কান্ত দেউৰীয়ে উদ্বোধন কৰা প্ৰতিযোগিতা খনিত উপস্থিত থাকে শক্তি উত্তোলক সন্থাৰ ৰাজ্যিক বিষয়ববীয়া সকলৰ লগতে মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰা আৰু আৰক্ষী অধীক্ষ স্বপ্ননীল ডেকা ৷ বিধায়ক ৰমা কান্ত দেউৰীয়ে এনে প্ৰতিযোগিতাৰ পৰা প্ৰতিভা বিকাশ হোৱাৰ আশা কৰে আৰু শৰীৰ চৰ্চাই মানুহক সুষ্ঠ শৰীৰ অধিকাৰী কৰাৰ কথা কৈ নিজেও দৈনন্দিন শৰীৰ চৰ্চা কৰাৰ কথা ব্যক্ত কৰে৷ আনহাতে পুৰষ আৰু মহিলাৰ বিভিন্ন শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতা অসমৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ অংশগ্ৰহণ কৰা দলটি গঠন হব বুলি মন্তব্য কৰে সন্থাৰ ৰাজ্যিক সভাপতি মজনুৰ আলীয়ে ৷মৰিগাঁও শক্তি উত্তোলক সমিতিৰ সভাপতি অজিত শৰ্মা আৰু কাৰ্যকৰী সভাপতি অতনু কুমাৰ শৰ্মাই প্ৰতিযোগিতা খনি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা ৰাজ্যিক সমিতিৰ বিষয়ববীয়া আৰু মৰিগাঁও বাসী ৰাইজৰ বভিন্ন প্ৰকাৰৰ পুৰ্ণ সহযোগিতাক সলাগ লৈ ধন্যবাদ জনাই ৷ অনাগত দিন সমূহত ৰাইজৰ প্ৰেৰণাৰে এই ক্ৰীড়া বিধক আৰু অধিক আগুৱাই নিয়াৰ ক্ষেত্ৰত সহযোগিতা কামনা কৰে৷

Related Articles

Leave a Reply

Close