অসমশীৰ্ষ

যোৰাপুখুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

প্ৰথম খবৰ, নাৰায়ণ ডেকা, টংলা:ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত যোৰাপুখুৰী গাঁৱত কালি নিশা প্ৰায় ৮ বজাত এএছ-২৭ এ ১৯৫৩ নম্বৰৰ এখন অল্ট’ বাহনে তীব্ৰ বেগে আহি পথৰ কাষেৰে গৈ থকা দুজন পথচাৰী যুৱকক খুন্দিওৱাৰ ফলত টিনথুচ টপ্ন’ নামৰ ১৮ বছৰীয়া যুৱকজনৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে জৰ্জ কিংডু নামৰ ২২ বছৰীয়া আন এজন যুৱক গুৰুত্বৰভাৱে আহত হৈ সম্প্ৰতি গুৱাহাটীৰ জিএনআৰচি হাস্পাতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৷ পানেৰী আৰক্ষীয়ে সুৰাসক্ত অৱস্থাত বাহনখন চলাই দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ মালিক শৰৎ ৰাভা নামৰ শিক্ষকজনক আটক কৰিছে ৷

Related Articles

Leave a Reply

Close